নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী বনগাঁৱত যুৱকৰ আত্মহনন

নিয়মীয়া বাৰ্তা, ১০ মে’: শনিবাৰে পুৱা  চিৰাং জিলাৰ ভূটান সীমান্তৱৰ্তী এখন বনগাঁৱত এগৰাকী নাবালিকাৰ অৰ্ধনগ্ন মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত একেখন গাঁৱতে নিশা পুনৰ এজন যুৱকৰ আত্মহননৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চিৰাং আৰক্ষীয়ে নাবালিকা গৰাকীক যৌন নিৰ্যাতন চলাই হত্যা কৰা ঘটনাৰ সৈতে জড়িত অপৰাধীক আটক কৰিবলৈ তদন্ত তথা অনুসন্ধান অব্যাহত ৰখা সময়তে গাঁও খনৰে এজন যুৱকে ডিঙিত চিপ লৈ আত্মহত্যা কৰা ঘটনাই অধিক ৰহস্যঘন কৰি তুলিছে ।

দাদগিৰী উপ আৰক্ষী চকীৰ আৰক্ষী নিশাৰ ভাগতে ঘটনাস্থলত উপস্থিত হৈ চিপলোৱা অৱস্থাত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰে। আত্মহত্যাৰ পথ বাচি লোৱা যুৱক জনক সুৰজ শৰ্মা ওৰফে লটে বুলি আৰক্ষীয়ে চিনাক্ত কৰে।

এক বিশেষ সূত্ৰে জানিব পৰা মতে অন্য দুজনমান ব্যক্তিৰ লগতে আত্মহননৰ পথ বাচি লোৱা যুৱক জন নাবালিকা হত্যাৰ ঘটনাৰে জড়িত বুলি সন্দেহ কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে যুৱক জনে আত্মহত্যা কৰে। যুৱকজনৰ উক্ত ঘটনাৰ সৈতে প্ৰকৃততে   সম্পৰ্ক আছিল নে নাই সেই কথা প্ৰমাণ হোৱাৰ পূৰ্বেই আত্মহত্যা কৰা ঘটনাই অঞ্চলটোৰ বাসিন্দা সকলক আশ্চৰ্য কৰি তুলিছে বুলি জানিব পৰা গৈছে। চিৰাং আৰক্ষীয়ে ‘ডি এন এ’পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহন কৰাৰ লগতে    যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে। উল্লেখ্য যে  কালি নাবালিকা গৰাকীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত প্ৰাথমিক অনুসন্ধানত উক্ত অঞ্চলৰে বিবাহিত যুৱক  সুৰজ শৰ্মা ওৰফে লটেৰ নাম উচ্চাৰিত  হৈছিল । কিন্তু সুৰজ শৰ্মাই  যেতিয়া নাবালিকা গৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ যোৱা দলত অংশ লয়, তেতিয়া আৰক্ষীয়ে তেওঁক আটক কৰাৰ পৰা বিৰত থাকে । নাবালিকা গৰাকীৰ মৃতদেহ কাজলগাঁৱৰ জেএছ বি অসামৰিক চিকিতৎসালয়ত মৰণোত্তৰ পৰীক্ষা নোহোৱাত মৃতদেহ বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। সেই বাবে  সন্ধিয়া সুৰজ শৰ্মাই কাজলগাঁৱৰ পৰা নিজ গৃহলৈ উভতি যায় ।

কালি নিশাৰ  ভাগত গছত চিপ লৈ আত্মহত্যা কৰা বুলি স্থানীয় লোকে আৰক্ষীক অবগত কৰে।আনহাতে  কালি মৃতদেহ উদ্ধাৰ হোৱা নাবালিকা গৰাকীৰ বৰপেটাত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি আজি পৰিয়ালক মৃতদেহ গতাই দিয়ে বুলি জানিব পৰা গৈছে।।

You might also like