বালিপৰাৰ বামগাঁও বাগিচাত প্রেমিক–প্রেমিকাৰ চিপ লৈ আত্মহত্যা
নিয়মীয়া বার্তা, ১৮ ডিচেম্বৰঃ শোণিতপুৰৰ বালিপৰাৰ বামগাঁও চাহ বাগিচাত প্রেমিকাক শিৰত সেন্দূৰ দি প্রেমিক যুগলৰ আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্র চাঞ্চল্য সৃষ্টি কৰিছে৷
ঘটনাৰ বিৱৰণী অনুসৰি, বালিপৰাৰ বামগাঁও চাহ বাগিচাৰ ৰঞ্জন তামুলী নামৰ বিবাহিত লোকজনৰ সৈতে প্রেম হৈছিল বাগিচাখনৰে মনীষা পানিকা নামৰ যুৱতীগৰাকীৰ৷ তাৰ মাজতে ১৩ ডিচেম্বৰৰ নিশাৰ পৰা দুয়ো সন্ধানহীন হৈ আছিল৷
বিগত তিনি দিনে সন্ধানহীন হৈ থকাৰ অন্তত পুৱা বাগিচাখনৰ এটা পৰিত্যক্ত কোৱার্টাৰত প্রেমিক যুগলে চিপ লৈ থকা অৱস্থাত ওচৰতে খেলি থকা দুটি শিশুৱে প্রত্যক্ষ কৰি চিঞৰ–বাখৰ কৰাত স্থানীয় লোক উপস্থিত হৈ চাৰিদুৱাৰ আৰক্ষীক খবৰ দিয়ে৷ পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷