নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিনীত বাগাৰীয়া আত্মহত্যাৰে অভিযুক্ত আজিজ খানৰ আত্মসমৰ্পণ

বিশেষ বাৰ্তা, ২৮ অক্টোবৰঃ ৰাজ্য কঁপাই যোৱা ডিব্ৰুগড়ৰ বিনীত বাগাৰিয়াৰ চাঞ্চল্যকৰ আত্মহত্যা ঘটনাৰ অন্যতম অভিযুক্ত আজিজ খানে আজি আত্মসমৰ্পণ কৰে।আজি ডিব্ৰুগড় আৰক্ষী ওচৰত আত্মসমৰ্পণ কৰাৰ পাছতে আৰক্ষীয়ে আজিজক গ্ৰেপ্তাৰ কৰে।ইতিমধ্যে আৰক্ষীয়ে বিনীত বাগাৰীয়াৰ চাঞ্চল্যকৰ আত্মহত্যা ঘটনাৰ সন্দৰ্ভত বৈদ্দুলা খান,নিছান্ত শৰ্মা আৰু ছামছুল্লা খানক ততালিকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা কিছু দিনৰ পাছতে আন এগৰাকী অভিযুক্ত সঞ্জয় শৰ্মায়ো আত্মসমৰ্পণ কৰিছিল। আনহাতে অন্যতম অভিযুক্ত আজিজ খান পলাতক হৈ থকা পাছত আজি আত্মসমৰ্পণ কৰে ডিব্ৰুগড় আৰক্ষীৰ ওচৰত।উল্লেখ্য যে যোৱা ৭ জুলাইত সংঘটিত আত্মহত্যা ঘটনাৰ পাছৰে পৰা সুৰ্দীঘ প্ৰায় ৪ মাহ ডিব্ৰুগড় আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰি থকা ডিব্ৰুগড়ৰ বিনীত বাগাৰীয়া চাঞ্চল্যকৰ আত্মহত্যাৰে জড়িত আজিজ অৱশেষত ডিব্ৰুগড় সদৰ থানাত আত্মসমৰ্পণ কৰে।উল্লেখযোগ্য যে,ডিব্ৰুগড়ৰ শনিমন্দিৰ নিৱাসী প্ৰকৃতিপ্ৰেমী যুৱক বিনীত বাগাৰীয়া ৭ জুলাইত ভাড়াতীয়া হিচাপে থকা বৈদ্দুলা খান,সঞ্জয় শৰ্মাকে ধৰি পাঁচ জনীয়া দলৰ দ্বাৰা নিৰ্যাতনৰ সন্মুখীন হোৱা বুলি এক ভিডিঅ’ বাৰ্তা চচিয়েল মিডিয়াত ভাইৰেল কৰি গৈছিল।ভয়-ভাবুকিত অতিষ্ঠ হৈ বিনীতে আত্মহত্যা কৰা বুলি ভিডিঅ’ ৰেকৰ্ডৰ জৰিয়তে ভাইৰেল কৰিছিল অভিযুক্ত সকলৰ নাম।আনহাতে বিনীত বাগাৰীয়াৰ পৰিয়ালে উক্ত ঘটনা সন্দৰ্ভত তথা জীৱনৰ নিৰাপত্তা বিচাৰি বিনীতে আত্মহত্যা কৰাৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষী,ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক,আৰক্ষী সঞ্চালক প্ৰধান তথা মুখ্যমন্ত্ৰী প্ৰৰ্যন্ত অভিযোগ দাখিল কৰিছিল যদিও বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে।যাৰ পৰিপ্ৰেক্ষিতত বিনীত বাগাৰীয়াই আত্মহত্যাৰ পূৰ্বে ন্যায় বিচাৰি এটা ভিডিঅ’ বাৰ্তা সামাজিক মাধ্যমৰ দ্বাৰা ভাইৰেল কৰি গৈছিল।অসমৰ মুখ্যমন্ত্ৰী,আৰক্ষী অতিৰিক্ত সঞ্চালক প্ৰধান জি পি সিং সহ বিনীত বাগাৰীয়া বাসগৃহত আহি ক্ষমা খুজাৰ লগতে সমগ্ৰ ৰাজ্যতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল।উক্ত ঘটনাৰ সন্দৰ্ভত সদৰ থানা আৰক্ষী বিষয়াক শাস্তি মুলকভাবে বদলিও কৰা হৈছিল।কিন্তু সমগ্ৰ ঘটনাৰ বিশেষ তদন্ত আগবঢ়া নাছিল।অৱশেষত দীৰ্ঘদিন পলাতক হৈ থকা অন্তিমজন অভিযুক্ত আজিজ খানে আজি আত্মসমৰ্পণ কৰা পাছত পুনৰ আৰক্ষীয়ে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষণীয় হব।

প্ৰেৰক বিভাস দুৱৰা

You might also like