নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেচিজিল হিচাপ : ধুবুৰী জিলা পৰিষদৰ চিইঅ’ক কটু বাক্য বিধানসভাৰ স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষণ দলৰ

নিয়মীয়া বাৰ্তা, ২৮ অক্টোবৰঃ মৰাণৰ বিধায়ক তথা অসম বিধানসভাৰ স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষণ (Local Fund Accounts) কমিটিৰ অধ্যক্ষ চক্ৰধৰ গগৈৰ নেতৃত্বত আজি ধুবুৰীত উপস্থিত হোৱা অসম বিধানসভাৰ এটি বিধায়িনী দলে জিলাখনত ৰূপায়িত হৈ থকা গ্ৰামোন্নয়ন আৰু নগৰ উন্নয়ন বিভিন্ন আঁচনীৰ অগ্ৰগতিৰ বুজ লয়। গোৱালপাৰাৰ বিধায়ক আব্দুল ৰছিদ মণ্ডল, জলেশ্বৰৰ বিধায়ক আফতাৱ উদ্দিন মোল্লাকে ধৰি গ্ৰামোন্নয়ন আৰু নগৰ উন্নয়ন বিভাগৰ কেইবাগৰাকী শীৰ্ষ বিষয়াৰ সেই দলটোৱে আজি প্ৰথমে ধুবুৰীস্থ বিৰসিং জৰুৱা উন্নয়ন খণ্ড কাৰ্য্যালয় প্ৰেক্ষাগৃহত উন্নয়ন খণ্ডটোত ৰূপায়িত হৈ থকা গ্ৰামোন্নয়ন বিভাগৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়টো লৈ এক ৰূদ্ধদ্বাৰ পৰ্য্যালোচনা বৈঠকত অংশ ল’য়। সেই বৈঠকখনৰ পিছত সাংবাদিকৰে হোৱা কথা–বতৰাত উন্নয়ন খণ্ডটোৰ পঞ্চায়ত সচিব আৰু খণ্ড উন্নয়ন বিষয়াৰে হোৱা প্ৰাথমিক আলোচনাত তেওঁলোকে হিচাপ ৰক্ষণৰ ক্ষেত্ৰত সম্পূৰ্ণ বিফল হোৱা বুলি এক চাঞ্চল্যকৰ মন্তব্য আগবঢ়ায় বিধায়িনী দলটোৰ নেতৃত্ব দিয়া চক্ৰধৰ গগৈয়ে। তেওঁ উন্নয়ন খণ্ডটোৰ কেতবোৰ কাম কাৰ্য্যবিধি অনুসৰি নোহোৱা বুলিও উপস্থিত সাংবদকৰ্মীসকলক অৱগত কৰে। ইপিনে, আজি বিয়লিৰ ফালে ধুবুৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয় প্ৰেক্ষাগৃহত আন এখন গুৰুত্বপূৰ্ণ বৈঠকত অংশ লয় দলটোৱে। নৱনিযুক্ত জিলা উপায়ুক্ত দিবাকৰ নাথৰ উপস্থিতি ধুবুৰী জিলাৰ বিভিন্ন উন্নয়ন খণ্ডৰ বিভিন্ন উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া, পঞ্চায়ত সচিবৰ উপৰিও জিলাখনৰ গ্ৰামোন্নয়ন বিভাগৰ শীৰ্ষ বিষয়াবৰ্গ আৰু ধুবুৰী জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়া বিশ্বজিৎ গোস্বামীৰ উপস্থিতিত হোৱা সেই বৈঠকখনত অসম বিধানসভাৰ স্থানীয় পুঁজিৰ হিচাপৰক্ষক কমিটিৰ দলটোৱে জিলাখনৰ গ্ৰামোন্নয়ন বিভাগে ৰূপায়িত কৰি থকা বিভিন্ন আঁচনিসমূহৰ অগ্ৰগতি আৰু ৰূপায়ণৰ ওপৰত এক গুৰুত্বপূৰ্ণ পৰ্য্যালোচনা বৈঠকত অংশ লয়। বৈঠকখনৰ পিছত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁলোকে বিছৰা বহু তথ্য প্ৰণালীবদ্ধভাৱে নোপোৱা বাবে জিলা পৰিষদৰ মুখ্য কাৰ্য্যবাহী বিষয়াগৰাকীক কটু বাক্য শুনাবল’গীয়া হোৱা বুলি মন্তব্য কৰে স্থানীয় পুঁজিৰ হিচাপ পৰীক্ষণ (Local Fund Accounts) কমিটিৰ অধ্যক্ষ চক্ৰধৰ গগৈয়ে। উল্লেখ্য যে, জিলাখনত গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়ন মূলক কামত ব্যাপক দূৰ্নিতী সংঘটিত হৈ থকাৰ দীৰ্ঘদিনীয়া এক অভিযোগ আছে। ঠিক অনুৰূপ এক অভিযোগ আছে ধুবুৰী পৌৰসভাৰ অধীনত ৰূপায়িত হৈ থকা নগৰ উন্নয়নৰ বিভিন্ন আঁচনিৰ ক্ষেত্ৰতো।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like