নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজনিশা অসামৰিক সাজত টহল সুশান্ত বিশ্ব শর্মাৰ

নিয়মীয়া বাৰ্তা, ১২ জুন: মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কনিষ্ঠ ভাতৃ তথা দৰঙৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাও যে ২৪ ঘণ্টাই দায়িত্বৰ প্রতি সজাগ যোৱানিশাৰ এক বিশেষ ঘটনাই স্পষ্ট কৰি দিছে৷

মন কৰিবলগীয়া যে যোৱানিশা মাত্র ৩ ঘণ্টাৰ অন্তৰালত দৰং আৰক্ষীয়ে আঠজন অপৰাধী কৰায়ত্ত কৰিছিল৷ খাৰুপেটীয়াত আৰক্ষী অধীক্ষক শর্মাৰ কৌশলী জালত পৰে জালনোট, এটিএমসহ মন্দিৰৰ দানপাত্র তথা সামগ্রী লুট কৰা ৮ পাষণ্ড৷ নিশা ৮ বজাৰ পৰা দৰঙৰ পূব প্রান্তত চলাই থকা অভিযান তদাৰক কৰি থকা এছ পি শর্মাই নিশা ১১.৩০ মান বজাত অভিযান সামৰি আৱাসত জিৰণি লয়৷ কিন্তু কিছুসময় পাছতে, চাৰিজন দেহৰক্ষী লৈ ব্যক্তিগত পঞ্জীয়নভুক্ত বাহন এখন লৈ ওলাই যায়৷ মঙলদৈ চহৰৰ পৰা পশ্চিম দিশত আগবাঢ়ে৷ নিশা উপস্থিত হয় ডুমুনীচকীত৷

আন্তঃজিলা পহৰা চকীৰ সন্মুখেৰে বাহন পাৰ হয় যদিও আৰক্ষীৰ সামান্যতমো সোধা–পোছা অথবা বাধাৰ সন্মুখীন নোহোৱাত খঙত তিঙিৰি তুলা হৈ পৰে এছ পি শর্মা৷ তেওঁ দুবাৰ সন্মুুখেৰে অহা–যোৱা কৰাৰ পাছত তৃতীয়বাৰ তেওঁ বাহন দূৰৈত ৰখাই পদব্রজে ৪জনীয়া পহৰাদাৰী দলটোৰ সন্মুখত থিয় দিয়ে৷ সন্মুুখত থিয় দিয়েই সাধাৰণ নাগৰিকৰ দৰে দৰং পাৰ হৈ তেওঁ বাইহাটাত যাব বিচাৰে, যাব পাৰিব নেকি সেয়া জানিব বিচাৰে৷ পিছে দায়িত্বত ন্যস্ত চাৰিওজন আৰক্ষীসহ গৃহৰক্ষীৰ জোৱানৰ কর্তব্য পালনৰ নমুনাত তেওঁ অসন্তুষ্ট হৈ পৰে৷ সেই সময়ত দেহৰক্ষী জোৱান দুজন আগবাঢ়ি অহাত ডুমুনীচকীত কর্মৰতসকলে পৰিচয় লাভ কৰে আৰু ভয়ত কম্পমান হৈ পৰে৷

অৱশ্যে আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাই বিষয়টো সিমানতে সমাপ্ত কৰি দায়িত্ব সোঁৱৰাই আগলৈ এনে নকৰিবলৈ সকীয়াই দিয়ে৷ একেদৰে বিষয়টো কাকো অৱগত নকৰিবলৈ সকীয়াই দি পুনৰ মঙলদৈলৈ উভতি আহে৷ নিশা ডেৰমান বজাত মঙলদৈত উপস্থিত হৈ শর্মা পুনৰ খাৰুপেটীয়ালৈ যায় আৰু কৰায়ত্ত কৰা অপৰাধীক জেৰা কৰে৷ দিন–ৰাতিৰ পার্থক্য নোহোৱাকৈ দৰঙৰ দায়িত্বত নিয়োজিত শর্মা এতিয়া জ্যেষ্ঠ ভাতৃ তথা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দৰেই উজলি উঠা বুলি চর্চা চলিছে৷

You might also like