নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাৰুপেটীয়াত আৰক্ষীৰ জালত জালনোট প্রস্তুত, এটিএম লুট কৰা ৮ অপৰাধী

নিয়মীয়া বাৰ্তা, ১২ জুন: আৰক্ষী অধীক্ষক হিচাপে সুশান্ত বিশ্ব শর্মা নিযুক্ত হোৱাৰ পাছৰে পৰা দৰং আৰক্ষীয়ে অপৰাধীৰ বিৰুদ্ধে চলাইছে ব্যাপক অভিযান৷ যোৱানিশা জালনোট চক্রৰ লগত জডিত ৪টা আৰু অন্য এক অভিযানত আন ৪টা ডকাইতসহ মুঠতে ৮টা দুর্ধর্ষ অপৰাধী কৰায়ত্ত কৰিব সক্ষম হয় দৰং আৰক্ষী৷ ইতিমধ্যে কৰায়ত্ত হোৱা অপৰাধীৰ পৰা ভালেসংখ্যক নথি, সঁজুলি জব্দ কৰাৰ লগতে অপৰাধৰ লগত জড়িতসকলৰ তথ্যও লাভ কৰিছে আৰক্ষীয়ে৷

লক্ষণীয় যে খাৰুপেটীয়া আৰক্ষীয়ে এক অভিযান চলাই বান্দিয়া চাপৰিৰ পৰা আলী হুছেইন, আমিৰুল ইছলাম, ৰুহুল আলী আৰু ইমানুল হকক গ্রেপ্তাৰ কৰে৷ দীর্ঘদিন ধৰি জালনোট প্রস্তুত কৰি নিৰক্ষৰ চৰবাসীক প্রৱঞ্চনা আৰু অর্থনীতি বিধ্বস্ত কৰিবলৈ নামি পৰা চাৰিজনীয়া দলটোৰ সৈতে জালনোট বনোৱা প্রিণ্টাৰ, কাগজ, চাৰিটা ম’বাইলৰ লগতে নগদ ১৩ হাজাৰ টকা জব্দ কৰে৷ অত্যন্ত আধুনিক প্রিণ্টাৰটোৰ যোগেদি দলটোৱে পাঁচশ টকীয়া জালনোট প্রস্তুত কৰি আহিছিল৷

আৰক্ষীয়ে ধৃত চাৰিজনৰ পৰা জালনোটৰ ভিন্ন স্তৰৰ এজেণ্ট আৰু ধন সলনি কৰা ভিন্ন স্তৰৰ অপৰাধীৰ সন্ধান লাভ কৰিছে যদিও তদন্তৰ স্বার্থত বিষয়টো ৰাজহুৱা কৰা নাই৷ ইপিনে, ৪ চকীয়া লঘু বাহন লৈ নিশা ডকাইতি কৰিবলৈ চেষ্টা কৰা অন্য এটা দলো আৰক্ষীৰ জালত পৰে যোৱানিশা৷ দলটোৰ হাতৰ পৰা তলা ভঙাত ব্যৱহাৰ কৰা সঁজুলি উদ্ধাৰ কৰাৰ লগতে বাহন এখনো জব্দ কৰে আৰক্ষীয়ে৷ আৰক্ষী বিষয়া মিণ্টুু বৰাৰ নেতৃত্বত আৰক্ষীৰ টহলদাৰী দলে অপৰাধীৰ দলটো কৰায়ত্ত কৰাত সক্ষম হয়৷ স্থানীয় মন্দিৰৰ দানপাত্র অথবা বেংক এটিএম লুট কৰিবলৈয়েই ওলাই অহাৰ আশংকা কৰা হৈছে৷

সমগ্র ঘটনা সন্দর্ভত আৰক্ষীৰ ভাষ্য মতে যোৱানিশা খাৰুপেটীয়া চহৰত সন্দেহজনক চালচলনৰ বাবে আৰক্ষীৰ টহলদাৰী দল এটাই নিশা এল্টো বাহন এখন মহাবীৰ পথেৰে খেদি যায়৷ আৰক্ষীৰ বাহন দেখি বাহনখন তীব্রবেগে ষট্পূজা ঘাটৰ দিশে আগুৱায় যদিও ঘাটত বাহন ৰখাই কেইবাটাও অপৰাধী পলায়ন কৰে৷ ঘাটত পানী হোৱা বাবে আৰক্ষীয়ে চাৰিজনক কৰায়ত্ত কৰে৷ পানীৰঘাটৰ পৰা কৰায়ত্ত কৰা ৪ অপৰাধী ক্রমে ২নং শ্যামপুৰৰ ২৫ বছৰীয়া মিস্কীন আলী, খাৰুপেটীয়া ভোটপুখুৰীৰ ২২ বছৰীয়া ৰফিকুল ইছলাম, আলিকাষৰ ৩০ বছৰীয়া শুকুৰ আলী আৰু ধুবুৰীৰ পূব বতিয়ামাৰীৰ ২৩ বছৰীয়া চফিকুল ইছলাম৷

ইতিমধ্যে চাৰিজনৰ ভাষ্যৰ ভিত্তিত ষট্ পূজাঘাটৰ পানী যুৱলিৰ পৰা পলায়ন কৰা অপৰাধীৰো পৰিচয় ওলাইছে যদিও তদন্তৰ স্বার্থত আৰক্ষীয়ে প্রকাশ কৰা নাই৷ কেৱল দৰঙৰ এজন অধিবক্তা হত্যা আৰু ডকাইতিৰ অপৰাধত জামিনত থকা অভিযুক্ত বুলি প্রকাশ পাইছে৷ দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শর্মাৰ বিশেষ খবৰৰ ভিত্তিত অভিযান চলাই ৮টাকৈ অপৰাধীক কৰায়ত্ত কৰা বুলি মন্তব্য কৰিছে খাৰুপেটীয়া থানাৰ ভাৰপ্রাপ্ত বিষয়া অভিজিত কাকতিয়ে৷

You might also like