নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বস্ত্রনগৰীৰ ৮ পঞ্চায়তৰ দিব্যাংগক প্রমাণ–পত্র প্রদান–নৱীকৰণ শিবিৰ

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগ, শুৱালকুছি মণ্ডল বিজেপিৰ সহযোগ

নিয়মীয়া বাৰ্তা ১০ ফেব্ৰুৱাৰীঃ  জালুুকবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উদ্যোগত আৰু বিজেপিৰ শুৱালকুছি মণ্ডলৰ সহযোগত মণ্ডলৰ অন্তর্গত আঠখন পঞ্চায়তৰ দিব্যাংগ ব্যক্তিসকলক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰি দিব্যাংগৰ প্রমাণ–পত্র প্রদান কৰাৰ লগতে যিসকলে পূর্বতে এনে প্রমাণ–পত্র লাভ কৰিছে তেওঁলোকৰ প্রমাণ–পত্রসমূহ নবীকৰণ কৰাৰ উদ্দেশ্যে আজি শুৱালকুছিত এটি শিবিৰ অনুষ্ঠিত কৰা হয়৷ শুৱালকুছি ৰাজহুৱা প্রেক্ষাগৃহত দিনৰ ১০বজাৰ পৰা অনুষ্ঠিত শিবিৰত প্রায় দুই হাজাৰ লোকে অংশগ্রহণ কৰে৷ তেওঁলোকে দিব্যাংগৰ প্রমাণ–পত্রৰ বাবে নাম পঞ্জীয়ন কৰে৷ আনহাতে কিছুসংখ্যকে তেওঁলোকে সংশ্লিষ্ট কর্তৃক্ষৰ পৰা পূর্বতে লাভ কৰা দিব্যাংগৰ প্রমাণ–পত্রসমূহৰ্ ম্যাদ পুনৰ বৃদ্ধিৰ বাবে নাম পঞ্জীয়ন কৰে৷ দুই–তিনি দিন পিছত বিজেপি শুৱালকুছি মণ্ডল আৰু যুৱ মর্চাৰ কর্মকর্তাসকলে দিব্যাংগ ব্যক্তিসকলৰ ঘৰত প্রমাণ–পত্রসমূহ দি অহাৰ ব্যৱস্থা কৰিব৷

উল্লেখ যে উক্ত প্রমাণ–পত্রৰ দ্বাৰা দিব্যাংগসকলে পৰৱর্তী দিনত চৰকাৰী চাকৰিকে ধৰি চৰকাৰে আগবঢ়োৱা অন্যান্য সা–সুবিধাসমূহ লাভ কৰিবলৈ সক্ষম হ’ব৷ শিবিৰত উপস্থিত থকা দিবাংগসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ডাঃ কিশোৰ হাজৰিকা, ডাঃ ধনজিৎ বডো, ডাঃ ৰূপালী শইকীয়া, ডাঃ এম চৌধুৰী আৰু ডাঃ কার্তিক চন্দ্র মেধি৷ এওঁলোকক সহায় কৰে মল্লিকা ৰয়, নীলাক্ষি বর্মন শেৱালি শর্মা আৰু শুৱালকুছি চিকিৎসালয়ৰ চিকিৎসক–চিকিৎসা৷ শিবিৰত উপস্থিত থাকে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ উপ–ধীক্ষক অনুপল শর্মা, মণ্ডল বিজেপিৰ সভাপতি হেমচন্দ্র বৈশ্য, মন্ত্রী ড০ শর্মাৰ ব্যক্তিগত সহায়ক ৰণজিৎ ভট্ট, মণ্ডল বিজেপি আৰু যুৱ মর্চাৰ বিষয়ববীয়া আৰু কর্মকর্তাসকলৰ লগতে দিগন্ত শর্মা৷ মন্ত্রী ড০ শর্মাৰ এনে প্রচেষ্টাই দিব্যাংগসকলৰ পৰিয়ালসমূহক উৎসাহিত কৰি তুলিছে আৰু পৰিয়ালসমূহে তেওঁৰ মন্ত্রীক ভূয়সী প্রশংসা কৰিছে৷

You might also like