নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান অইল আবাসিক এলেকাত অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ দুলীয়াজান অইল আবাসিক এলেকাত মঙলবাৰে সন্ধিয়া অগ্নিকাণ্ড সংঘটিত হয়। অইল আবাসিক এলেকাৰ এছ এ পি – ১৯৭৮ ৰ আবাসী সুৰজিত শইকীয়াৰ গৃহত অগ্নিৰ সূত্ৰপাত ঘটে।

জানিব পৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতেই সংঘটিত এই ঘটনাত উক্ত গৃহৰ পাছফালৰ বাৰাণ্ডা অংশৰ লগতে কানি-কাপোৰ আৰু অন্যান্য বয়-বস্তু নিমিষতে জ্বলি ভস্মীভূত হয়।

অৱশ্যে জুইৰ লেলিহান শিখাই সমগ্ৰ গৃহটি ছানি ধৰাৰ পূৰ্বেই ঘটনা প্ৰত্যক্ষ কৰি কাষৰীয়া লোকে জুইকুৰা প্ৰশমিত কৰিবলৈ হাতে-কামে প্ৰচেষ্টা চলাই।

আনহাতে সমান্তৰালভাৱে অইলৰ অগ্নিনিৰ্বাপক বাহিনী তাৎক্ষণিকভাৱে ঘটনাস্হলীত উপস্থিত হৈ বিধ্বংসী জুইকুৰা সম্পূৰ্ণৰূপে নিৰ্বাপণ কৰিবলৈ সক্ষম হোৱাত অধিক ক্ষয় ক্ষতিৰ পৰা পৰিয়ালটি ৰক্ষা পৰে । 

You might also like