শুৱালকুছিত ছাত্ৰ ছাত্ৰীৰ মত বিনিময় অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী সীমান্ত শেখৰ
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰঃ জীৱনত মানুহৰ সকলো বস্তুৰে প্ৰয়োজন আছে ৷ নাপায় আৰু নকৰিবাই মন বিলাক জেদি কৰি তোলে আৰু ইচ্ছা নাথাকিলেও কৰিবলৈ মন যায় ৷ সেয়েহে অভিভাৱক সকলে এইটো নাপায় সেইটো নকৰিবা এইদৰে কোৱাৰ সলনি নাপায় আৰু নকৰিবা সন্দৰ্ভত নিজৰ লৰা ছোৱালীক ভালদৰে বুজাই বস্তুটোৰ উপকাৰিতা আৰু অপকাৰীতা সন্দৰ্ভত বিস্তৃত ভাৱে বুজাই দিব লাগে ৷ এই মন্তব্য অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ অধ্যক্ষ তথা বিশিষ্ট কন্ঠশিল্পী সীমান্ত শেখৰৰ ৷ আজি শুৱালকুছি প্ৰেক্ষাগ্হত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, শুৱালকুছি শাখাৰ উদ্যোগত অসম দিৱস উপলক্ষে আয়োজন কৰা ছাত্ৰ ছাত্ৰী লগত মত বিনিময় অনুস্হানত অংশ গ্ৰহণ কৰি শিল্পী গৰাকীয়ে ছাত্ৰ ছাত্ৰী সকলে নিজকে প্ৰতিস্হা কৰিবলৈ হলে আত্মবিশ্বাসৰে লক্ষ্যৰ পিছত দৌৰিব লাগিব বুলি দোহাৰে ৷ তেওঁ শিক্ষাৰ্থী সকলক সাধাৰণ শিক্ষা গ্ৰহণৰ উপৰিও যি কোনো এটা নিজৰ পাৰদৰ্শিতা অনুযায়ী বিষয় বাচনি কৰি সেই বিষয়টোত ধৰ্য্য আৰু একাগ্ৰতা লাগি থাকিলে সঠিক ফলাফল পোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৷ ভাষণত শিল্পী সীমান্ত শেখৰে জালুকবাৰী সমস্টিৰ মানুহ সৌভাগ্যৱান বুলি উল্লেখ কৰি কয় যে এই সমস্টিটোৰ বিধায়ক গৰাকীয়ে এতিয়া ৰাজ্যৰ অন্যতম সফল সৰ্বোত্তম মুখ্যমন্ত্ৰী ৷ যাৰ নেত্ত্বত ৰাজ্যখনে এক নতুন গতি লাভ কৰিছে ৷ তেওঁ ছাত্ৰ ছাত্ৰী সকলৰ লগত বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ উপৰিও কেইবাটিও জনপ্ৰিয় সংগীত পৰিবেশন কৰি পৰিবেশটো জীপাল কৰি তোলে ৷ ৰূপক বৈশ্যই আত ধৰা উক্ত অনুস্হানত শুৱালকুছি বুদৰাম মাধৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড°দীপেশ চন্দ্ৰ ভাগৱতীয়ে অংশ গ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলে ৰাজপথৰ আন্দোনত চিঞৰলে জ্ঞানৰ শক্তি ব্দ্ধি নাপায় ৷ জ্ঞানৰ শক্তি ব্দ্ধি কৰিবলৈ হলে সাধনা, আত্মবিশ্বাস আৰু অধ্যয়ন পুস্ত হব লাগিব ৷ ছাত্ৰ ছাত্ৰী সকলে কোনো কথাতে বা কোনো কামতে আত্মসমৰ্পণ কৰিব নালাগিব বুলি উল্লেখ কৰি তেওঁ বৰ্তমানৰ চৰকাৰৰ শেষৰখন কেবিনেটে অসমত যুৱ আয়োগ গঠনৰ সিদ্ধান্ত কৰাৰ কথা দোহাৰে ৷ যাৰ দ্বাৰা অসমৰ যুৱ প্ৰজন্ম উপক্ত হব ৷ সভাত বিশিষ্ট সাতোৰবিদ এলভিচ আলি হাজৰিকাই উপস্থিত থাকি ভাল দিশ আৰু বেয়া দিশ সদায় নিজৰ ওপৰত নিৰ্ভৰ কৰে বুলি কয় ৷ অধ্যাপক ড°পৰশমণি দাসে ছাত্ৰ ছাত্ৰী সকলে নিজৰ জীৱনটো সঠিক ভাৱে উপভোগ কৰিবলৈ বদ্ধপৰিকৰ হলে কোনো বেয়া দোষে লগ দিব নোৱাৰে ৷ সদায় সু-স্বাহ্যৰ অধিকাৰী হবলৈ যত্নপৰ হব লাগে ৷ মদ, ভাং, দ্ৰাগছ আদি পৰা আতৰি থাকিলে জীৱনটো সুন্দৰ ভাৱে অতিবাহিত কৰিব পৰা যায় ৷ মতবিনিময় অনুস্হানত এভিপি’ৰ শুৱালকুছি শাখাৰ সভাপতি পৰশ মণি কলিতা, প্ৰাক্তন সভাপতি তীৰ্থ নাথ শৰ্মা য়ো ছাত্ৰ ছাত্ৰীক উদ্দেশ্যি কিছু বক্তব্য দাঙি ধৰে।