নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নমাটিৰ ভূৰকুছিত স্বাধীনতাৰ অমৃত মহোৎসৱৰ অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ৬ অক্টোবৰঃ ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্রালয়ৰ কেন্দ্ৰীয় সম্প্ৰচাৰ ব্যুৰ’ বৰপেটাৰ উদ্যোগত কালি শংকৰ জয়ন্তীৰ লগত সংগতি ৰাখি আজাদী কা অমৃত মহোৎসৱ উপলক্ষে স্বাধীনতা সংগ্ৰামৰ সেনানী সকলক সুঁৱৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷বৰমা সমষ্টিৰ নমাটি মৌজাৰ ভূৰকুছি নামঘৰ প্ৰাংগণত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভূৰকুছি মিলন প্ৰাথমিক শাখাৰ চতুৰ্বিংশতিতম বাৰ্ষিক অধিৱেশনত শংকৰ জয়ন্তীৰ লগত সংগতি ৰাখি অনুষ্ঠিত উক্ত কাৰ্যসূচীৰ উদ্দেশ্য ব্যাখ্যা কৰে কেন্দ্ৰীয় সম্প্ৰচাৰ ব্যুৰ’ৰ ক্ষেত্র প্ৰচাৰ বিষয়া গণজিত মেধিয়ে আৰু আঁতধৰে ক্ষেত্র প্ৰচাৰ বিষয়া বিকাশ ৰাজবংশীয়ে ৷ অনুষ্ঠানটোত জালাহ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ প্ৰাণকান্ত ভট্টাচাৰ্যই সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই কয় যে “ভাৰতবৰ্ষৰ স্বাধীনতা মহাত্মাগান্ধীৰ হৃদয়ত আছিল ,আত্মাত আছিল৷ ভাৰতৰ আইনী শিথিলতাৰ বাবে ইংৰাজে ভাৰতত খোপনি পুতিবলৈ সুবিধা পাইছিল৷ কিন্তু মহাত্মা গান্ধীৰ সততা আৰু সত্যৰ ভিত্তিত প্ৰতিষ্ঠিত গণ আন্দোলনে ইংৰাজক ভাৰত ত্যাগ কৰিবলৈ বাধ্য কৰিছিল৷ এইক্ষেত্রত স্বাধীনতা সংগ্ৰামী সকলৰ মহান ত্যাগ চিৰস্মৰণীয়৷লগতে চিকিৎসক গৰাকীয়ে স্বাস্থ্য সজাগত সম্পৰ্কেও বহলভাৱে ব্যাখ্যা আগবঢ়ায়”৷ ইয়াৰ উপৰি অনুষ্ঠানত এক মুকলি কুইজ অনুষ্ঠিত কৰি থিতাতে বঁটা প্ৰদান কৰা হয়৷ তদুপৰি ভাৰতৰ স্বাধীনতা আন্দোলনৰ দৃশ্যপটত এখন বাটৰ নাটো পৰিৱেশন কৰা হয় ৷শিল্পী বাবন বৰ্ণিলে গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰা অনুষ্ঠানটোত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভূৰকুছি মিলন প্ৰাথমিক শাখাৰ সভাপতি গৌতম পাঠক, সম্পাদক হৰেকৃষ্ণ পাঠক সমন্বিতে অঞ্চলটোৰ দুই শতাধিক পুৰুষ-মহিলাই অংশ গ্ৰহণ কৰে ৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like