আন্তৰ্জাতিক টাইকোৱানডোত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰৰ স্বৰ্ণ পদক
নিয়মীয়া বাৰ্তা:২৭ ডিচেম্বৰ :: শোণিতপুৰৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী ছাত্ৰই আন্তৰ্জাতিক টাইকোৱানডোত সোণৰ পদক লাভ কৰি বিদ্যালয়ৰ লগতে চাৰিদুৱাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ছাত্ৰজন বিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ভীম খাকলাৰী । ছাত্ৰজনে জনোৱা অনুসৰি, ভাৰতৰ হৈ উত্তৰ কোৰিয়াত অলপতে অনুষ্ঠিত হোৱাত আন্তৰ্জাতিক টাইকোৱানডোত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৫৮ কিলোগ্ৰাম অনুৰ্ধৰ শাখাত প্ৰতিদ্বন্দী ব্ৰাজিলৰ প্ৰতিযোগীজনক পৰাস্ত কৰি স্বৰ্ণ পদক লাভ কৰে । ছাত্ৰজনৰ এনে সফলতাত বিদ্যালয়ৰ অধ্যক্ষ ৰাজেশ দাসৰ লগতে বিদ্যালয়ৰ সমূহ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱকসকল উৎফুল্লিত হৈ পৰিছে ।