নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙিয়াত ড্ৰাগছ সহ এজন সৰবৰাহকাৰীক আটক

নিয়মীয়া বাৰ্তা, ২৭ ডিচেম্বৰঃ ৰঙিয়াত অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান । পুণৰ ড্ৰাগছ সৰবৰাহকাৰী যুৱক এজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৰঙিয়া আৰক্ষী । লগতে উদ্ধাৰ লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ । ৰঙিয়া আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি ৰঙিয়া শৌলমাৰীৰ পৰা ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত ড্ৰাগছ সৰবৰাহকাৰীজন হৈছে ৰঙিয়াৰ কমাৰগাঁৱৰ তিতকুৰিৰ অমৰজ্যোতি দাস । আৰক্ষীৰ জেৰাত ধৃত সৰবৰাহকাৰীজনৰ স্বীকাৰোক্তিত ৰঙিয়াৰ সমীপৰ মলোখাটত ৰৈ থকা AS 01 FD 4363 নম্বৰৰ SPRESSO বাহনখনৰ পৰা ২২ গ্ৰাম নিষিদ্ধ হেৰ’ইন জব্দ কৰে । নিৰ্দিষ্ট বাহনখনৰ পৰা অভিযান চলাই দুটা চাবোনৰ বাকচৰ পৰা ২২ গ্ৰাম নিষিদ্ধ ড্ৰাগছ জব্দ কৰে । ঘটনা সন্দৰ্ভত অধিক তথ্যৰ বাবে ৰঙিয়া থানাত ড্ৰাগছ সৰবৰাহকাৰী যুৱকজনক মাৰথন জেৰা অব্যাহত ৰাখিছে ।

প্ৰেৰক :- ফাৰুক হুছেইন , ৰঙিয়া ।

You might also like