নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইকোৱানডো চেম্পিয়নশ্বিপত নগাঁৱৰ ৰাজনন্দিনী বৰাৰ চাৰিটাকৈ সোনৰ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ  যোৰহাটত অনুষ্ঠিত হৈ যোৱা চতুৰ্থ গুড উইল অপেন নেচনেল টাইকোৱানডু চেম্পিয়নশ্বিপ ২০২১ ৰ প্ৰতিযোগিতাত নগাঁৱৰ কামপুৰৰ ৰাজনন্দিনী বৰাই চাৰিটাকৈ সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীয়ে পুমছেত নিজৰ শাখাত, ৯ বছৰ শাখাত, স্পিড কিকিঙত নিজৰ শাখাত আৰু টাইকোৱানডো বেছিক শাখাত সোনৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷ ৰাজনন্দিনীৰ এই সাফল্যত কামপুৰৰ লগতে নগাঁওবাসী উৎফুল্লিত হৈ পৰিছে ৷ এই উপলক্ষে অনুষ্ঠিত বঁটা বিতৰণী অনুষ্ঠানত গ্ৰেণ্ড মাষ্টাৰ ওৱাং ইয়ং লী (কোৰিয়া) মৰিয়নীৰ বিধায়ক ৰুপজ্যোতি কুৰ্মী, মাষ্টাৰ ৰাজু কোৱৰ , জন চুং আদিয়ে অংশগ্ৰহণ কৰে ৷

উল্লেখ যে এই প্ৰতিযোগিতা কোৰিয়ান কালচাৰ চেন্টাৰ ইন্দিয়াই সহযোগিতা কৰিছে ৷

You might also like