নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজান টাইকোৱাণ্ডো একাডেমীৰ সাফল্য; টেলেণ্ট হাণ্ট টাইকোৱাণ্ডো ছেম্পিয়নশ্বিপত ১৮ পদক অৰ্জন

নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : যোৰহাটৰ ধলাজান টাইকোৱাণ্ডো ট্ৰেইনিঙ স্কুলৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ সংখ্যক আন্তঃ জিলা টেলেণ্ট হাণ্ট টাইকোৱাণ্ডো ছেম্পিয়নশ্বিপ প্ৰতিযোগিতাত তিতাবৰ মহকুমাৰ বেকাজান টাইকোৱাণ্ডো একাডেমীয়ে শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি দুটা স্বৰ্ণ আৰু তিনিটা ৰূপ সহ মুঠ ১৮ টা পদক অৰ্জন কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। এই উপলক্ষে বৃহস্পতিবাৰে বেকাজান এশঘৰীয়া প্ৰাথমিক বিদ্যালয়ত তৰুণ দাসৰ সভাপতিত্ব এক সম্বধৰ্না আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

সমাজকৰ্মী ৰমেন ভূঞাই আঁত ধৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বেকাজান জাতীয় বিদ্যালয়ৰ অধ্যক্ষ মণ্টুচ্ কোঁৱৰ, বৰহোলা সাংবাদিক সন্থাৰ সম্পাদক অজয় শইকীয়া আৰু নজানখনা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ দাসে শুছেচ্ছামূলক ভাষণ প্ৰদান কৰা লগতে বিজয়ী প্ৰতিযোগীসকলক পদকসমূহ বিতৰণ কৰে। উল্লেখ্য যে এই চতুৰ্থ সংখ্যক টেলেণ্ট হাণ্ট টাইকোৱাণ্ডো প্ৰতিযোগিতাত পদক বিজয়ী প্ৰতিযোগীসকলৰ ভিতৰত দিক্ষীতা গগৈ আৰু পুৰ্বশ্ৰী দাসে স্বৰ্ণ পদক লাভ কৰা বিপৰীতে দিপাঞ্জল দাস, সমুজ্জল দাস আৰু কমলা দাসে ৰূপৰ পদক, তন্ময় প্ৰতিম ভূঞা, প্ৰসেনজিৎ দাস, দীপশিখা দাস, অৰ্জন দাস, ৰূপম দাস, জিণ্টু গগৈ, মাধৱী দাস, জ্ঞানজ্যোতি দাস, অভিজিত দাস, প্ৰতীক্ষা গগৈ, প্ৰিয়ংকা গগৈ, কৌস্তভ হাতীবৰুৱা, আৰু হিমাংশু চুতীয়াই ব্ৰঞ্জ পদক লাভ কৰিছে। একাডেমীৰ সভাপতি ৰাজু দাস, সম্পাদক ৰমেন ভূঞা আৰু প্ৰশিক্ষক ৰাতুল শইকীয়াৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে এইসকল খেলুৱৈয়ে।

প্ৰেৰক : অজয় শইকীয়া, নগাবাট

You might also like