নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুধনৈত টেংকাৰ-মালবাহী ট্ৰাকৰ মুখামুখি সংঘৰ্ষ 

নিয়মীয়া বাৰ্তা, ৩১ মেঃ গোৱালপাৰাৰ দুধনৈত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুধনৈৰ দিঘলীত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গেছ কঢ়িওৱা টেংকাৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত এই দুৰ্ঘটনাটো সংঘটিত হৈছে। এই দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত হৈছে দুয়োখন বাহনৰ চালক৷ গোৱালপাৰা দিশে গৈ AS 01 KC 8878 নম্বৰৰ ট্ৰাকখনৰ সতে গুৱাহাটী অভিমুখে গৈ থকা NL 01 L 2621 নম্বৰৰ গেছ কঢ়িওৱা টেংকাৰখনৰ মুখামুখী সংঘৰ্ষ হয়। ঘটনাস্থলীত দুধনৈ আৰক্ষীয়ে উপস্থিত হৈ গুৰুত্বৰভাৱে আহত দুয়োখন বাহনৰ চালক সহ তিনিজন ব্যক্তিক দুধনৈৰ এফ আৰ ইউলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে। দুৰ্ঘটনাত আতংকিত হৈ পৰিছে স্থানীয় লোক। টেংকাৰখনৰ চালক বহু সময় ধৰি বাহনৰ ভিতৰতে আবদ্ধ হৈ আছিল।

প্ৰেৰক বেনজিন বড়ো

You might also like