নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্মৃতি–চেতনাৰ মাজত নীৰৱে সাৰে আছে তৰুণ গগৈৰ অম্লান হাঁহি

নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ  বন্ধ কফিনৰ ভিতৰত নিথৰ হৈ শুই আছে তেওঁ৷ পঞ্চাশ বছৰৰো অধিক সময়ৰ ৰাজনৈতিক ব্যস্ততা সামৰি শুই পৰিছে মৃত্যুৰ শীতল শেতেলিত৷ এই বর্ণাঢ়্য সামাজিক যাত্রাত জনতাৰ সঁহাৰি আছিল তেওঁৰ প্রধান সাৰথি৷ আজিও অগণিত জনতা তেওঁৰ চৌপাশে৷ কিন্তু হাঁহি মাৰি, হাত জোকাৰি সম্ভাষণ জনাবলৈ তেওঁ অসমর্থ৷ স্পন্দনহীন, নির্বাক, নিথৰ৷ তাৰ পাছতো সহস্রজনৰ স্মৃতি আৰু চেতনাত আজিও সাৰে আছে সেই অম্লান হাঁহিটো৷ যি আছিল প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ সৰলতাৰ প্রতিফলন৷ মুখ্যমন্ত্রী হৈও ক্ষমতালোভী নাছিল, দক্ষ প্রশাসক হৈও প্রতিশোধপৰায়ণ নাছিল৷ সেই বাবেই ৰাজ্যবাসীৰ লগত আছিল তেওঁৰ নিবিড় আত্মীয়তা৷ এই একাত্মতাৰ বাবেই ৰাজ্যৰ সকলো প্রান্তৰ আবাল–বৃদ্ধ–বনিতা ঢ়পলিয়াই আহিল মহানগৰীৰ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ– অন্তিম শয়নত থকা প্রিয় নেতাগৰাকীক শেষ শ্রদ্ধা জনাবৰ বাবে৷

সোমবাৰে বিয়লি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰা প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈক কালি তেওঁৰ চৰকাৰী বাসভৱন, জনতা ভৱন আৰু ৰাজীৱ ভৱনত আত্মীয়, গুণমুগ্ধ, অনুৰাগী, দলীয় কর্মকর্তাসকলে শেষবাৰৰ বাবে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ বর্ষীয়ান ৰাজনীতিকগৰাকীৰ নশ্বৰ দেহ কালি নিশাই লৈ যোৱা হয় শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রলৈ৷ সর্বসাধাৰণ ৰাইজে মঙৰবাৰৰ নিশাৰ পৰা কালি সমগ্র দিনটো জননেতাগৰাকীলৈ জ্ঞাপন কৰে অশ্রুসিক্ত শ্রদ্ধাঞ্জলি৷ নেতা নহয়, প্রিয় পুত্রৰ বিয়োগৰ খবৰ পাই  পুৱাই কলাক্ষেত্রত উপস্থিত হ’ল মাদাৰ অ’ল্ড এজ হোমৰ আৱাসীসকল৷ থৰক–বৰক খোজ, থোকাথুকি মাত৷ তেনেকৈয়ে তেওঁলোক আহিছে পুত্রসম প্রয়াত মুখ্যমন্ত্রীগৰাকীক শেষবাৰলৈ চাবৰ বাবে৷

কোনোমতে নিৰাপত্তাৰক্ষীৰ সহায়ত খোজ দিয়া, কাণেৰে ভালকৈ নুশুনা বৃদ্ধাগৰাকীয়ে চকুলো টুকি ক’লে– ‘গগৈৰ বিষয়ে মোৰ ক’বলৈ একো নাই৷ তেওঁ মোৰ ল’ৰাৰ লগৰ৷ সিহঁত বন্ধু আছিল৷ আজি পুত্রৰ বিয়োগত মাকে কি ক’ব? ইমান সোনকালে তেওঁ যাব বুলি ভবা নাছিলোঁ৷ ভাল হৈ উঠিব বুলি ভাবিছিলোঁ৷ এতিয়া ক’বলৈ একো ভাষা নাই৷ মই ডিব্রুগড়ত থকাৰে পৰা তেওঁক লগ পাইছোঁ৷ তেতিয়া মন্ত্রী হোৱাই নাই৷ আমি শাক খোৱা, ভাত খোৱা কথা পাতোঁ৷ তেওঁৰ পৰা দেশৰ খবৰ লওঁ৷ বৰ দুখ পাইছোঁ আজি৷’ জনদৰদী ৰাজনীতিকগৰাকীৰ মৃত্যুত অসহায় অনুভৱ কৰা আন এগৰাকী আইতাই থোকাথুকি মাতেৰে ক’লে– ‘নিজৰ ল’ৰা বুলি ভাবিছিলোঁ৷ বহুত মৰম কৰিছিলোঁ৷ আমাৰ কথা ভাবিছিল, সহায় কৰিছিল৷ তেওঁৰ অসুখ হোৱাৰ খবৰ পাই নাম–প্রসংগও পাতিছিলোঁ৷ কিন্তু ভগৱানে আমাৰ কথা নুশুনিলে৷ তেওঁৰ মৃত্যু হোৱা নাই, হ’ব নোৱাৰে৷ আমাৰ অন্তৰত সদায় থাকিব যাব৷’ বিমানবন্দৰৰ পৰা কলাক্ষেত্রলৈ পোনে পোনে আহিল কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধী৷ সুঁৱৰিলে প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ সান্নিধ্য আৰু অভিভাৱকত্বৰ কথা৷ নশ্বৰ দেহত পুষ্পাঞ্জলি অর্পণ কৰি তেওঁ পোনে পোনে গ’ল ডলী গগৈক মাত লগাবলৈ, দিছপুৰৰ চৰকাৰী বাসভৱনলৈ৷ অন্তিম দর্শনৰ বাবে কলাক্ষেত্রত উপস্থিত হ’ল দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রী, ছাত্র–ছাত্রী৷

এগৰাকী শিক্ষয়িত্রীয়ে ক’লে– ‘বৰ সহজ–সৰল মানুহ আছিল৷ সকলো সমস্যা শুনিছিল আৰু সহজভাৱে সমাধানৰ চেষ্টা কৰিছিল৷’ ছাত্রসকলৰ মনৰ অনুভৱ– ‘হাঁহিটো, কথা–বতৰাবোৰ ভাল লাগিছিল৷’ জনপ্রিয় মুখ্যমন্ত্রীগৰাকীলৈ বিদায়ৰ মুহূর্তত শ্রদ্ধাঞ্জলি জনাই অভিনেত্রী বৰষাৰাণী বিষয়াই ক’লে– ‘এক অপূৰণীয় ক্ষতি৷ তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অৱসান হ’ল৷ তেওঁ যে সর্বকালৰ এগৰাকী শ্রেষ্ঠ মুখ্যমন্ত্রী আছিল, সেয়া অসমৰ জনতাই ১৫ বছৰৰ বাবে শাসনভাৰ তুলি দি প্রমাণ কৰিছে৷’ প্রয়াত গগৈৰ নিৰহংকাৰী ব্যক্তিত্বক সুঁৱৰি মৃদুলা বৰুৱাই ক’লে– ‘ৰাজনীতিক হিচাপে মূল্যায়ন কৰিবলৈ নাযাওঁ, কিন্তু এগৰাকী নেতা হিচাপে আছিল অত্যন্ত মানৱদৰদী৷ অকণো ভেম–গপ নাছিল৷ আনকি মোৰ স্বামী ঢুকাওঁতে দুবাৰকৈ আমাৰ ঘৰলৈ গৈ সাত্ব্ন্না দিছিল৷’ জ্যেষ্ঠ সংগীত শিল্পী সূর্য দাসৰ পৰা প্রিয়ংকা ভৰালীলৈ সকলোৱে আপোন নেতাগৰাকীক অন্তিমবাৰৰ বাবে জনালে আন্তৰিক প্রণিপাত৷ অজাতশত্রু তৰুণ গগৈ কাহানিও নাছিল প্রতিশোধপৰায়ণ৷ শাসক–বিৰোধী সকলোৰে প্রতি আছিল সমান আন্তৰিকতা৷ সেয়ে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্য, সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ, নৱনির্বাচিত সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সভাপতি ৰাণাপ্রতাপ বৰুৱাকে ধৰি বিভিন্ন দল–সংগঠনৰ নেতৃত্বই শ্রদ্ধাঞ্জলি জনাই সুঁৱৰিলে প্রয়াত মুখ্যমন্ত্রীগৰাকীৰ ৰাজ্যখনৰ প্রতি থকা নিভাঁজ আন্তৰিকতাৰ বিষয়ে৷ আৱেগিক হৈ পৰিল বনমন্ত্রী পৰিমল শুক্লবৈদ্য৷ ক’লে– ‘ৰাজনীতিৰ ৰণাংগনত গগৈ আছিল এজন প্রকৃত যোদ্ধা৷ দহ বছৰ তেওঁক মুখ্যমন্ত্রী হিচাপে পাইছোঁ৷ এজন ৰাজনীতিক নহয়, তেওঁ আছিল ৰাজনীতিৰ শিক্ষক৷ তেওঁৰ শূন্যতা পূৰণ কৰিবলৈ আমাক বহু সময় লাগিব৷’ ৰাজনৈতিক ক্ষেত্রত সুদীর্ঘকাল দপদপাই থকা নেতাগৰাকীক বিদায় জনাবলৈ মেঘালয়ৰ পৰা আহিল মুখ্যমন্ত্রী কনৰাড চাংমা আৰু প্রাক্তন মুখ্যমন্ত্রী মুকুল চাংমা৷ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাই ক’লে– ‘অসম তথা উত্তৰ–পূবৰ উন্নয়নৰ এগৰাকী মূল ব্যক্তি আছিল তৰুণ গগৈ৷

সমগ্র উত্তৰ–পূর্বাঞ্চলৰ ইছ্যু তেওঁ দিল্লীত সজোৰে তুলি ধৰিছিল৷ তৰুণ গগৈৰ মৃত্যু অসম তথা উত্তৰ–পূবৰ বাবেই বৃহৎ ক্ষতি৷’ মুকুল চাংমায়ো সুঁৱৰিলে অতীতৰ সান্নিধ্য৷ নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ হৈ বসন্ত ডেকা, কৃষ্ণগোপাল ভট্টাচার্য, অদীপ কুমাৰ ফুকনেও অন্তিম শ্রদ্ধা নিবেদন কৰিলে৷ ঘৰত ৰৈ থাকিব নোৱাৰিলে স্বামীৰ মৃত্যুত নিঃসংগ হৈ পৰা ডলী গগৈও৷ কন্যা চন্দ্রিমা গগৈ, পুত্র গৌৰৱ গগৈৰ সৈতে তেওঁ আহিল অন্তিম শয়নত থকা স্বামীৰ মুখখন এবাৰ চাবলৈ৷ পুষ্পাঞ্জলি দিলে, এগছি বন্তিৰে অন্তৰৰ নিভৃততম কোণৰ পৰা জনালে শ্রদ্ধাঞ্জলি৷ আৰুনো কিমান সময় বাকী? কিমান দেৰি এই শৰীৰ, এই মুখনি দৃশ্যমান হৈ থাকিব৷ কলাক্ষেত্রৰ অন্তিম শয়নত থকা প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ  নৱগ্রহ হ’ব তেওঁৰ শেষ ঠিকনা৷

You might also like