নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে নির্বাচিত বিজেপিৰ বিজয় সিন্হা

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ বিহাৰ বিধানসভাৰ অধ্যক্ষ হিচাপে বিজেপিৰ বিধায়ক বিজয় কুমাৰ সিন্হাই আজি গৰিষ্ঠ সংখ্যক ভোটৰ ব্যৱধানত জয়লাভ কৰে৷ ৫১ বছৰৰ পিছত বিধান সভাৰ অধ্যক্ষৰ নির্বাচনত এন ডি এৰ প্রার্থীৰ বিজয় সিন্হাই ১২৬টা ভোট লাভ কৰাৰ বিপৰীতে আৰ জে ডি নেতৃত্বাধীন মহাজোঁট বন্ধনৰ প্রার্থী আৰ জে ডিৰ অবধ বিহাৰী চৌধৰীয়ে ১১৪টা ভোট লাভ কৰে৷ বিধানসভাৰ অধ্যক্ষৰ নির্বাচনক লৈ আজি সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰ জে ডিয়ে৷ মুখ্যমন্ত্রী নীতিশ কুমাৰ বিধায়ক নহাকৈ কিয় সদনত উপস্থিত আছে তাক লৈ প্রশ্ণ তুলি আৰ জে ডিয়ে প্রতিবাদ কৰি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে৷

You might also like