নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী

নিয়মীয়া বাৰ্তা, ২৩ নৱেম্বৰঃ আজি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰথম মৃত্যু বাৰ্ষিকী। অসমৰ ৰাজনৈতিক জগতৰ ভোটাতৰা, একেৰাহে তিনিটাকৈ কাৰ্যকাল অসমৰ মুখ্যমন্ত্ৰী, পদ্মভূষন সন্মানেৰে বিভূষিত তৰুণ গগৈয়ে ২০২০ বৰ্ষৰ আজিৰ দিনটোতেই ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল। এইজন মহান মনিষীৰ স্মৃতি আজিও জীয়াই আছে তিতাবৰৰ লগতে সমগ্ৰ ৰাজ্যবাসীৰ হৃদয়ত। জ্যেষ্ঠ ৰাজনীতিবিদগৰাকীৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তিতাবৰতো দিনজোৰাকৈ মৃত্যু বাৰ্ষিকী অনুষ্ঠিত কৰিছে।

আনহাতে দেউতাক প্ৰয়াত তৰুণ গগৈক স্মৰণ কৰি পুত্ৰ গৌৰৱ গগৈয়েও ফেচবুকত এনেদৰে প’ষ্ট কৰা দেখা গৈছে- ”আমাৰ সকলোৰে প্ৰিয় আৰু আপোন, প্ৰাক্তন মুখ্যমন্ত্রী, জননেতা, পদ্মভূষণ পৰম শ্ৰদ্ধাৰ তৰুণ গগৈদেৱৰ আজিৰ দিনটোতেই এবছৰ পূর্বে পৰলোকপ্ৰাপ্তি হৈছিল। আজি প্ৰথম মৃত্যু বাৰ্ষিকীত আমি পৰিয়ালৰ সকলোৱে গভীৰ শ্ৰদ্ধা আৰু মধুৰ স্মৃতিৰে আপোনাক সোঁৱৰিছো। আপোনাৰ জীৱনাদৰ্শই আমাক আজীৱন অনুপ্রাণিত কৰি থাকিব। আপুনি আমাৰ বাবে মাথো পৰম নমস্য আৰু আদৰ্শই নহয়, অনুপ্ৰেৰণাৰ অবিচলিত উৎসও। আপোনাৰ হাঁহিটোৰ উমাল মৰম আমাৰ মন-হৃদয়ত চিৰকাল সজীৱ হৈ থাকিব। আমাৰ দৃষ্টিৰ অগোচৰে আপুনি য’তেই আছে, তাৰে পৰাই আমাক আশীৰ্বাদ কৰি থাকিব।”

প্ৰেৰকঃ অজয় শইকীয়া, নগাবাট

You might also like