নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তাচলৰ দিশে মোদী মেজিক?

গুৰুনানক জয়ন্তীৰ পুৱা ৯ বজাত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক সম্বোধন কৰি বিতর্কিত কৃষি আইন তিনিখন প্রত্যাহাৰ কৰাৰ ঘোষণা কৰিব, ঘোষণাৰ আগমুহূর্তলৈকে সেইটো কোনেও জনা নাছিল৷ জনা দূৰৈৰ কথা, কল্পনাৰো অৱকাশ নাছিল৷ কিন্তু দেশবাসীক আচৰিত কৰি তেওঁ আইন তিনিখন প্রত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিলে৷ ঘোষণাটো বিমুদ্রাকৰণৰ দৰেই৷ আকস্মিক৷ ছাৰপ্রাইজিং৷ অৱশ্যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে এনেদৰেই কাম কৰে৷ সৰল কথাত মোদী ষ্টাইল৷ গুৰুত্বপূর্ণ সিদ্ধান্তৰ ক্ষেত্রত তেওঁ এনেধৰণৰ চমক দিয়ে৷ দেশবাসী স্তম্ভিত হৈ পৰে৷ মোদী মেজিক বোলা কথাষাৰ এনেধৰণৰ চমকপ্রদ কার্যশৈলীত অধিক আবেদনময়ী হৈ পৰে৷ ধাৰ বাঢ়ে৷ জনসাধাৰণৰ মাজত তেওঁৰ ব্যক্তিত্ব আৰু অধিক অসাধাৰণ হৈ পৰে৷ প্রধানমন্ত্রীৰ ৰূপত ড০ মনমোহন সিঙৰ দহ বছৰীয়া কার্যকাল দেখা আৰু অনুভৱ কৰা দেশবাসীৰ মনত মোদীৰ ছবিখন এজন সিংহপুৰুষৰ ৰূপত প্রতিষ্ঠা হয়৷ কিন্তু কৃষি আইন তিনিখন বাতিলৰ ঘোষণাত দেশজুৰি যিটো হাৰত বা পৰিমাণত বাঃ বাঃ ধ্বনি উঠিব লাগিছিল, তাৰে এক শতাংশও দেখা নগ’ল৷ আনহে নালাগে, বিজেপিৰ নেতা–কর্মীৰ মাজতে ‘বাহ্ মোদী বাহ্’ ধৰণৰ অত্যুৎসাহী ধ্বনি এতিয়ালৈকে শ্রৱণ হোৱা নাই৷ দুজনমান কেন্দ্রীয় মন্ত্রীয়ে টুইটাৰ বা আন সামাজিক মাধ্যমত প্রধানমন্ত্রীক অভিনন্দন জনাইছে৷ সিমানেই৷ ক’তোৱেই উছাহ–উল্লাসৰ বাতাৱৰণ নাই৷ বিজেপিৰ তাত্ত্বিক সংগঠন আৰএছএছ এতিয়ালৈকে নীৰৱ৷ কথাটো তাৎপর্যপূর্ণ৷ ইয়াৰ বিপৰীতে তাৎক্ষণিক প্রতিক্রিয়া হিচাপে আচম্বিত ঘোষণাটোক ৰাজনৈতিক মুনাফা আদায়ৰ কৌশল বুলিহে চর্চা হৈছে৷ নৰেন্দ্র মোদীৰ বিগত প্রায় ৮ বছৰীয়া কার্যকালত এনেধৰণৰ প্রতিক্রিয়া বা পৰিঘটনা প্রথম বুলিয়েই ক’ব পাৰি৷ অথচ আইন তিনিখন বাতিলৰ ঘোষণাত তেওঁৰ বিনম্রতা আছিল অকল্পনীয়৷ ভাৰতৰ ইতিহাসত নৰেন্দ্র মোদীৰ দৰে প্রধানমন্ত্রী এগৰাকীয়ে এইদৰে দেশবাসীৰ ওচৰত সঁচা অন্তৰ আৰু পৱিত্র হূদয়েৰে কৰযোৰে ক্ষমা প্রার্থনা বিচৰা নাছিল৷ এইটো বিৰল ঘটনা৷ প্রধানমন্ত্রী হৈ থকা কালছোৱাত ড০ মনমোহন সিঙে ১৯৮৪ চনৰ শিখ হত্যাকাণ্ড আৰু স্বর্ণ মন্দিৰত সেনাৰ অভিযানৰ বাবে দুখ প্রকাশ কৰিছিল৷ ক্ষমা বিচৰা নাছিল৷
প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ক্ষমা প্রার্থনা আৰু কৃষি আইন বাতিলৰ আচম্বিত ঘোষণাই দেশখন মোদীময় কৰি তোলাত ব্যর্থ হোৱাৰ কাৰণ কি? অনাগত দিনৰ ৰাজনীতিত ইয়াৰ কেনে প্রভাৱ পৰিব পাৰে? ইয়াৰ পূর্বে বর্তমানৰ উপ–ৰাষ্ট্রপতি এম ভেংকায়া নাইডুৰ কথা এষাৰলৈ মন কৰিব পাৰি৷ তেতিয়া তেওঁ নৰেন্দ্র মোদী নেতৃত্বাধীন মন্ত্রীসভাৰ সদস্য আছিল৷ তেওঁ কৈছিল, নৰেন্দ্র মোদীয়ে ‘ৰোল বেক’ত বিশ্বাস নকৰে৷ তেওঁ ৰোল বেক প্রধানমন্ত্রী নহয়৷ তৎক্ষণাৎ সিদ্ধান্ত গ্রহণ নকৰে৷ যথেষ্ট সময় লয় আৰু এবাৰ সিদ্ধান্ত গ্রহণ কৰাৰ পিছত প্রত্যাহাৰ কৰিব নিবিচাৰে৷ প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীৰ কাম–কাজৰ বিশ্লেষণ কৰিলে এম ভেংকায়া নাইডুৱে কোৱা কথাখিনি মর্মে মর্মে উপলব্ধি কৰিব পাৰি৷ জম্মু–কাশ্মীৰৰ বিশেষ সাংবিধানিক মর্যাদা প্রত্যাহাৰ, নাগৰিকত্ব সংশোধনী আইন গৃহীতকৰণ আদিত তেওঁ কাৰো ওচৰত নতি স্বীকাৰ কৰা নাই৷ অথচ প্রায় সমগ্র দেশখন আন্দোলনৰ জুইত জাহ যাবলৈ ওলাইছিল৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন দুয়ো সংসদত গৃহীত হোৱাৰ সময়ত চাৰিওফালে আন্দোলন–প্রতিবাদৰ লহৰ উঠিছিল৷ দিল্লীত অবর্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছিল৷ আন্তর্জাতিক মহলতো তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছিল৷ কিন্তু প্রধানমন্ত্রী নৰেন্দ্র মোদীক একোৱেই বিচলিত কৰিব নোৱাৰিলে৷ টলাব নোৱাৰিলে৷ নিজৰ স্থিতিত অটল হৈয়েই থাকিল৷ কৃষি আইন প্রত্যাহাৰৰ ক্ষেত্রত এনে কি ঘটনা ঘটিল যে আচম্বিতে প্রত্যাহাৰ কৰা হ’ব বুলি ঘোষণা কৰিবলগীয়া হ’ল৷ তদুপৰি ঘোষণাটো আছিল সম্পূর্ণ একপক্ষীয়৷ আন্দোলনকাৰী কৃষকৰ সৈতে কোনোধৰণৰ আলোচনা হোৱা নাছিল৷ আন্দোলনকাৰী কৃষকৰ মনৰ বতৰা নোলোৱাকৈ, কোনো ধৰণৰ চুক্তিত স্বাক্ষৰ নকৰাকৈ আন্দোলন এটাৰ মূল দাবীক কিয় এইদৰে মানি লোৱা হ’ল? কৃষক আন্দোলনটো সাধাৰণ আন্দোলন নাছিল৷ এইটো প্রায় ডেৰ বছৰ ধৰি চলা এটা আন্দোলন৷ সাতশ লোকৰ মৃত্যু হৈছে৷হাজাৰৰো অধিক গোচৰ পঞ্জীভুক্ত হৈছে৷ শাসক দলৰ যথেষ্টসংখ্যকৰ মতে আন্দোলনটোৰ আঁৰত আছে খালিস্তানী উগ্রপন্থী৷ খালিস্তানী উগ্রপন্থীৰ কথা ওলালে পাকিস্তানৰো কথাও আহে৷ সকলোৱে জানে খালিস্তানী উগ্রপন্থীক ধন, অস্ত্র আদিৰে সহায় কৰা দেশখন হৈছে পাকিস্তান৷ তেনে আন্দোলন এটাক একপক্ষীয়ভাৱে সমাপ্তি ঘটোৱাৰ চেষ্টা চলোৱা হ’ল কিয়? প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হিচাপ–নিকাচত কিবা গণ্ডগোল হ’ল নেকি? কৃষি আইন তিনিখন বাতিলৰ ঘোষণা কৰাৰ লগে লগে বিৰোধীয়ে চৰকাৰ আৰু তেওঁৰ ওপৰত আক্রমণ কৰাৰ সুযোগ এটা পাব, কথাটো প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে নিশ্চয় অনুভৱ নকৰাকৈ থকা নাই বা নাছিল৷ আন্দোলনটোত কেন্দ্রীয় চৰকাৰ আৰু শাসক দলৰ মনোভাব কেনে আছিল, আন্দোলনটোক তেওঁলোকে ৰাজহুৱা মঞ্চত কিদৰে বিশ্লেষণ কৰিছিল, দেশবাসীয়ে জানে৷ জনসাধাৰণৰ মনত লাহে লাহে বদ্ধমূল ধাৰণা এটা গঢ় লৈছিল যে ‘কা’বিৰোধী আন্দোলনটোৰ দৰে এদিন কৃষক আন্দোলনটোও নিজেই শেষ হৈ যাব৷ চৰকাৰ নিজৰ স্থিতিৰ পৰা এক বিন্দুও পিছহুঁহকি নাহে৷ আহিলে জনসাধাৰণে চৰকাৰখনক নতুন দৃষ্টিৰে বিশ্লেষণ কৰা আৰম্ভ কৰিব৷ বিৰোধীয়ে জনসাধাৰণৰ দৃষ্টিত চৰকাৰখনৰ ভাবমূর্তি বিনষ্ট কৰাৰ বাবে উঠিপৰি লাগিব৷ তদুপৰি, সময়ছোৱা তেনে ধৰণৰ ‘ৰিস্ক’ লোৱাৰ অনুকূল নহয়৷ সন্মুখত পাঁচখন ৰাজ্যত বিধানসভা নির্বাচন৷ তালিকাখনত উত্তৰ প্রদেশো আছে৷ ভাৰতীয় ৰাজনীতিত প্রদেশখনৰ প্রভাৱ আৰু ভূমিকাৰ কথা সকলোৱে জানে৷ গতিকে, মোদী মেজিকৰ আশ্রয় লোৱা হওক৷ কথাটো এনেকুৱা আছিল নেকি? আচম্বিতে ঘোষণা এটা কৰি পূর্বৰ দৰে নিজৰ ভাবমূর্তিক ব্যৱহাৰ কৰি সকলো কথা তল পেলোৱা হওক৷ তথাপি এটা প্রশ্ণ ৰৈ যায়– কিয়?
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কৃষি আইন তিনিখন বাতিলৰ ঘোষণাত প্রথম প্রতিক্রিয়া ৰূপে চর্চিত হৈছে পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন৷ অর্থাৎ এটা কথা স্পষ্ট হৈছে যে কৃষি আইন বাতিলৰ আচম্বিত আৰু একপক্ষীয় ঘোষণাৰ ঋণাত্মক দিশবোৰ মোদীৰ ব্যক্তিত্ব বা মোদী মেজিকে ঢ়াকি ৰাখিব নোৱাৰিলে৷ মোদী মোদী বা মোদীৰ জয় জয় ধ্বনি নুঠিল৷ যিসকলে সেই ধ্বনি দিব লাগিছিল, তেওঁলোক নীৰৱে থাকিল৷ প্রধানমন্ত্রী মোদীয়ে আইন তিনিখন বাতিলৰ ঘোষণা কৰা সময়ছোৱালৈ চালে কিয়টোৰ ইংগিত পোৱা যায়৷ তেওঁ গুৰুনানক জয়ন্তীৰ দিনা ঘোষণাটো কৰিছে৷ গুৰুনানক সমগ্র দেশবাসীৰ বাবে শ্রদ্ধাৰ ব্যক্তি৷ কিন্তু শিখসকলৰ বাবে ভগৱান৷ গতিকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ঘোষণাটোৰ সৈতে পঞ্জাব বা শিখসকলৰ সম্পর্ক এটা থাকিবই লাগিব৷ কৃষক আন্দোলনটোতো মূলতঃ পঞ্জাবৰ কৃষক বা শিখসকল জডিত৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনলৈ অধিক দিনো নাই৷ কিন্তু কথাটো হ’ল, পঞ্জাব বিধানসভা নির্বাচনত বিজেপি প্রধান খেলুৱৈ নহয়৷ প্রদেশখনত আকালী দলৰ সৈতে মিত্রজোঁট গঠন কৰি বিজেপিয়ে নির্বাচনত অৱতীর্ণ হৈ আহিছে৷ আকালী দল বর্তমান বিজেপি শিবিৰত নাই৷ তাত অকলে চৰকাৰ গঠন কৰিব পৰাকৈ বিজেপিৰ শক্তিও নাই৷ যদি প্রধানমন্ত্রীৰ ঘোষণাটোক ৰাজনৈতিক বুলি ধৰা হয়, পঞ্জাবত বিজেপিক বৰ বিশেষ সুবিধা আনি নিদিয়ে৷ কিন্তু আভ্যন্তৰীণ কলহত জর্জৰ কংগ্রেছক ক্ষমতাৰ পৰা উৎখাত কৰিব পৰা যায়৷ কংগ্রেছ এৰি নিজাববীয়াকৈ দল গঠন কৰা কেপ্তেইন অমৰিন্দৰ সিঙৰ সৈতে হাত মিলাই কংগ্রেছক শ’লঠেকত পেলাব পাৰি৷ কিন্তু এখন ৰাজ্যৰ বিধানসভা নির্বাচনৰ বাবে প্রধানমন্ত্রীয়ে নিজৰ আৰু চৰকাৰৰ ভাবমূর্তিক লৈ এইদৰে জুৱা খেলিবনে? কৃষক আন্দোলনৰ নেতিবাচক প্রভাৱ উত্তৰ প্রদেশ বিধানসভা নির্বাচনত পৰাৰ সম্ভাৱনা আছে৷ নির্বাচনী বিশ্লেষকৰ মতে, পশ্চিম উত্তৰ প্রদেশত কৃষক আন্দোলনৰ যথেষ্ট প্রভাৱ পৰিছে৷তদুপৰি উত্তৰ প্রদেশত কেন্দ্রীয় গৃহৰাজ্য মন্ত্রী এগৰাকী বিতর্কত সোমাই পৰিছে৷ আন্দোলনৰত কৃষকৰ শৰীৰৰ ওপৰেৰে বাহন চলাই নিয়া ঘটনা এটাত মন্ত্রীগৰাকীৰ লগতে তেওঁৰ পুত্রৰ নাম সাঙোৰ খাই পৰাত বিজেপি কিছু পৰিমাণে শ’লঠেকত পৰা দেখা গৈছে৷ নির্বাচনত কৃষক আন্দোলনটোক বিৰোধীয়ে ‘ইছ্যু’ হিচাপে ল’লে শাসক দলটোৰ সমস্যা বাঢ়িব পাৰে৷ এনেয়েও প্রদেশখনত প্রাক নির্বাচনী সমীক্ষা বিজেপিৰ অনুকূলে যোৱা নাই৷ এশখন আসন হেৰুৱাব পাৰে বুলি খবৰ ওলাইছে৷ উত্তৰাখণ্ডতো বিজেপিৰ ভোটবেংকত খহনীয়াৰ সৃষ্টি হ’ব পাৰে৷ অৱশ্যে মণিপুৰ নাইবা গোৱাত কৃষক আন্দোলনটোৱে বিশেষ প্রভাৱ পেলোৱাৰ সম্ভাৱনা নাই৷ উত্তৰ প্রদেশত পৰাজয়ৰ গ্লানি লৈ বিজেপিয়ে ২০২৪ চনৰ লোকসভা নির্বাচনলৈ যাব বুলি ভাবিব নোৱাৰি৷ গতিকে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ কৃষি আইন প্রত্যাহাৰৰ আঁৰত ৰাজনৈতিক অংক জডিত হৈ থকা বুলি চলি থকা চর্চাটো ভুল বা অনৈতিক চিন্তাৰ প্রতিফলন বুলি ক’ব নোৱাৰি৷ মোৰ দৃষ্টিত আৰু এটা কাৰণ আছে৷ কৃষক আন্দোলনটোৰ প্রতি কেন্দ্রীয় চৰকাৰৰ আচৰণ, দৃষ্টিভংগীয়ে পঞ্জাবত বিপৰীত প্রভাৱ এটা পেলাইছে৷ ইয়াৰ সুযোগ লৈ ৰাজ্যখনত খালিস্তানী উগ্রপন্থীৰ পুনৰুত্থান ঘটাৰ আশংকাই দেখা দিছে৷ ৰাজ্যখনত পুনৰ সন্ত্রাসবাদৰ উত্থান ঘটিলে পাকিস্তানৰ হাতত আৰু এপাট অস্ত্র তুলি দিয়াৰ দৰে হ’ব৷ পাকিস্তানে ৰাজ্যখনত বিচ্ছিন্নতাবাদ বৃদ্ধি কৰাত সর্বতোপ্রকাৰে সহায় কৰি আছে৷ ইয়াক প্রতিহত কৰিবলৈ ৰাজ্যখনত পৰিৱেশ এটা গঢ় দিয়া দৰকাৰ৷ প্রধানমন্ত্রী মোদীয়ে দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত দেশখনৰ কৃষকৰ ক্ষুদ্র অংশ এটাৰ কথা কৈছে৷ ভৱিষ্যতৰ ভাৰতৰ কথা ভাবিয়েই তেওঁ সিদ্ধান্তটো ল’ব পাৰে৷
ঘোষণা কৰা অনুসৰি সংসদৰ শীতকালীন অধিৱেশনত তিনিওখন বিতর্কিত কৃষি আইন বাতিল হ’লে সমাগত বিধানসভা নির্বাচনত বিৰোধীয়ে এটা প্রধান ‘ইছ্যু’ হেৰুৱাব৷ এইটোৱে বিজেপিক লাভ এটা দিব৷ কিন্তু ইয়াৰ হাতত ধৰি আন কেতবোৰ সমস্যা নতুনকৈ গা কৰি উঠিব পাৰে৷ তদুপৰি বিৰোধী শিবিৰে কৃষক আন্দোলনটোক হাতৰ পৰা সহজে পিছলি যাবলৈ নিদিয়ে৷ প্রধানমন্ত্রীক ব্যক্তিগতভাৱে আক্রমণ কৰিব৷ নৰেন্দ্র মোদী পতিয়নযোগ্য নেতা নহয় বুলি প্রতিষ্ঠা কৰিবলৈ ইতিমধ্যে বিৰোধী শিবিৰ উঠিপৰি লাগিছে৷ আন্দোলনকাৰী কৃষকৰ নেতৃত্বৰো কথাত অনুৰূপ সুৰ দেখা গৈছে৷ প্রধানমন্ত্রীৰ মুখৰ কথাত তেওঁলোক পতিয়ন নাযায় বুলি ঘোষণা কৰি আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰিছে৷ তদুপৰি, কৃষি আইন তিনিখন বাতিলেই তেওঁলোকৰ একমাত্র মূল দাবী নহয় বুলি ঘোষণা কৰি ছয়দফীয়া দাবীচনদৰ আধাৰত আলোচনাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক আহ্বান জনাইছে৷ প্রধানমন্ত্রী মোদীয়ে কৃষক নেতৃত্বৰে আলোচনাত বহিবনে? তেওঁলোকৰ দাবীবোৰ মানি ল’বনে? এইটোৰ ওপৰত বহুখিনি নির্ভৰ কৰিব৷ তদুপৰি, দেশত ‘কা’বিৰোধী আন্দোলন পুনৰ মূৰ দাঙি উঠিব পাৰে৷ জম্মু–কাশ্মীৰক সাংবিধানিক মর্যাদা ওভতাই দিয়াৰ দাবীতো পুনৰ আন্দোলন হ’ব পাৰে৷ দাবীটোত কংগ্রেছৰ সমর্থন আছে৷ পাকিস্তানৰ আগ্রহ আছে৷ সবাতকৈ ডাঙৰ কথাটো হ’ল, কৃষি আইন বাতিলৰ সিদ্ধান্তই যদি পাঁচখন ৰাজ্যৰ সমাগত বিধানসভা নির্বাচনত বিজেপিক লাভ আনি নিদিয়ে, দল আৰু চৰকাৰৰ মজিয়াত নৰেন্দ্র মোদীৰ গ্রহণযোগ্যতাক লৈ প্রশ্ণও উঠিব পাৰে৷

You might also like