বজালীৰ ২০ কৃতী শিক্ষাগুৰুক সম্বৰ্ধনা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ জ্ঞানৰ পোহৰ বিলাই মানৱ সম্পদ সৃষ্টি কৰি দেশ আৰু সমাজৰ প্ৰতি দ্বায়িত্বশীল ভূমিকা পালন কৰি শৈক্ষিক ক্ষেত্ৰখনক উজ্বলাই তোলা বজালী জিলাৰ অন্তৰ্গত ২০ কৃতী শিক্ষক-শিক্ষয়িত্ৰীক কালি পবিত্ৰ শিক্ষক দিৱসৰ মূহুৰ্তত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ, কিতাপৰ টোপোলা, কলম আৰু স্মাৰকেৰে সম্বৰ্ধনা জ্ঞাপন কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মৃদুল তালুকদাৰৰ নেতৃত্বত যোৱা দলটোৱে পাটাছাৰকুছিৰ বিশিষ্ট শিক্ষাবিদ, সমাজকৰ্মী অৱসৰপ্ৰাপ্ত অধ্যাপক মুনিন্দ্ৰ নাৰায়ন গোস্বামী, যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা তথা কৃতি শিক্ষক সমাজকৰ্মী মানিক চৌধুৰী, পাঠশালাৰ বিশিষ্ট ব্যক্তি অধ্যাপক তথা দিব্যাংগ শিশু সকলৰ অনুষ্ঠান তপোবন শিশু গৃহৰ সঞ্চালক কুমুদ কলিতা, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন বিষয় শিক্ষয়ত্ৰী অনুপমা তালুকদাৰ, জনতা হাইস্কুলৰ কৃতি শিক্ষক গোবিন্দ তালুকদাৰ, সৰুপেটা হাইস্কুলৰ কৃতি শিক্ষক ৰমেন বৰুৱা, বি এইচ বি মহাবিদ্যায়ৰ অসমীয়া বিভাগৰ অধ্যাপিকা ড৹ নামিত দাস গুৰুং, সৰুপেটা হাইস্কুলৰ প্ৰধান শিক্ষক আবু বক্কৰ ছিদ্দিকী, ভৱানীপুৰৰ কৃতি শিক্ষক পুলেন্দ্ৰ দাস, দীনেশ দাস, বাঘমাৰাৰ কৃতি শিক্ষক উদয় ঠাকুৰীয়া, অজিত মহন্ত, পূব-হস্তিনাপুৰৰ অন্তৰ্গত পুঠিমাৰিৰ কৃতি শিক্ষক ফুলেন্দ্ৰ পাটগিৰি, নিৰঞ্জন চৌধুৰী, গোপাল ডেকা, ৰামেশ্বৰ মেধি, যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন নেতা তথা কৃতি শিক্ষক চন্দ্ৰজিৎ কলিতা, দক্ষিণ বজালী গাড়ী সত্ৰৰ কৃতি শিক্ষক দীনেশ শৰ্মা, নিত্যানন্দৰ কৃতি শিক্ষক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক অনিল দাস আৰু কৃতি শিক্ষক কামাখ্যা প্ৰসাদ তালুকদাৰক পৰ্যায়ক্ৰমে শিক্ষানুষ্ঠান আৰু ঘৰলৈ গৈ উষ্মভাৱে সম্বৰ্ধনা জ্ঞাপন কৰি তেওঁলোকৰ পৰা আশীৰ্বাদ লয়। পৰিষদৰ দলটোত বজালী জিলা সমিতিৰ সভাপতি বাবুল আলী আহমেদ, সাধাৰণ সম্পাদক লক্ষেশ্বৰ দাস, উপ-সভাপতি ধ্ৰুৱজিত কলিতা, যুটীয়া সম্পাদক বুবুল পাটগিৰি, প্ৰচাৰ সম্পাদক হিৰক তালুকদাৰ, সঞ্জীৱ সাগৰ দাস, সদস্য ৰাহুল কলিতা, অৰূপ মুন শৰ্মা, কমলজিৎ জুন চৌধুৰী, নয়ন কলিতা, অমেন্দ্ৰ কলিতা, প্ৰাঞ্জল তালুকদাৰৰ লগতে কেবাজনো সদস্য উপস্থিত থাকে৷ এই সজাতি দলটোৱে সম্বৰ্ধনা জ্ঞাপন কৰা বিশিষ্ট ব্যক্তিসকলৰ লগত অসমৰ শৈক্ষিক ক্ষেত্ৰখনৰ বিভিন্ন সমস্যা সমূহ আলোচনা কৰাৰ উপৰিও অসমৰ জাতীয় জীৱনত আৰু কেনেদৰে আগুৱাই যাব পাৰে, লগতে সংকটে দেখা দিয়া অসমৰ ভাষা সংস্কৃতি ৰক্ষা কেনেকৈ কৰিব পাৰি তাৰ বিষয়ে আলোচনা কৰি তেওঁলোকৰ পৰা সহায় সহযোগিতা আৰু উপদেশ বিচাৰে।
প্ৰেৰকঃ কল্যাণ কলিতা