নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোঁৰাক খুন্দিয়াই গাঁওবাসীৰ ৰোষত নগৰবেৰাৰ শিক্ষক

নিয়মীয়া বাৰ্তা, ৩ আগষ্টঃ বৰপেটাৰ আলোপতিচৰ অঞ্চলৰ আগশাৰীৰ শিক্ষানুষ্ঠান লুইতপৰীয়া মহাবিদ্যালয়। মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ শিক্ষক আব্দুৰ ৰৌফ ছিদ্দিকী। দুদিনমানৰ পূৰ্বে সহকৰ্মী এগৰাকী শিক্ষক অঞ্চলটোৰ নিচানৰচৰ গাঁৱৰ ৰাজপথত ঘোঁৰাক খুন্দিওৱাৰ ফলত দুৰ্ঘটনাত পতিত হৈছিল সহকৰ্মী শিক্ষকগৰাকী। উক্ত দুৰ্ঘটনাক কেন্দ্ৰ কৰি শিক্ষক ছিদ্দিকীয়ে ফেচবুক প’ষ্টযোগে স্থানীয় ছাত্ৰ সংগঠন তথা গাঁওবাসীৰ বিৰুদ্ধে কৰিছিল অলগৰ্ধ, কুসংস্কাৰী আদি কেতবোৰ আপত্তিজনক মন্তব্য। শিক্ষক ছিদ্দিকীৰ এনে প’ষ্ট প্ৰচাৰৰ পাছতেই স্থানীয় ছাত্ৰ সংগঠন তথা গাঁওবাসীয়ে ক্ষুৰধাৰ সমালোচনা কৰে শিক্ষকগৰাকীক। আনকি সকলোৱে মিলি শিক্ষক ছিদ্দিকিৰ বিৰুদ্ধে সোমবাৰৰ সন্ধিয়া তীব্ৰ প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শিক্ষকগৰাকীয়ে কৰা মন্তব্যৰ বিৰুদ্ধে ৰাজহুৱাকৈ আঁঠু কাঢ়ি ক্ষমা খোজাৰ চৰ্ত্ত বান্ধি দিয়ে আৰু তাকে নকৰিলে শিক্ষকগৰাকীৰ অঞ্চলটোত প্ৰবেশ নিষিদ্ধ আৰু বৰ্জন কৰাৰো হুংকাৰ দিয়ে। প্ৰশ্ন হয়, ৰাইজ আৰু ছাত্ৰ সংগঠনৰ এই চৰ্ত্ত মানিবলৈ প্ৰস্তুত হ’বনে শিক্ষকগৰাকী অথবা আগলৈ শিথিল হ’ব পাৰে নেকি ৰাইজৰ চৰ্ত্তাৱলী?

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like