শিক্ষাবিদ- সাহিত্যিক ড° প্ৰদীপ বৰুৱা আৰু অচ্যুতদ্বীপ শইকীয়াক চিনামৰা মহাবিদ্যালয়ত ৰাজ্যিক কৃতী শিক্ষক বঁটা প্ৰদান
প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াৰ প্ৰতিমূৰ্তি উন্মোচন
নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰ: যোৰহাট জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী অনুষ্ঠান চিনামৰা মহাবিদ্যালয়ত আজি শিক্ষক দিৱসৰ দিনাই দুজনকৈ বৰেণ্য শিক্ষাবিদ, সাহিত্যিকক ৰাজ্যিক বঁটা প্ৰদান কৰাৰ লগতে শিক্ষানুষ্ঠানখনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াৰ সুবৃহৎ পূৰ্ণাংগ মূৰ্তি স্থাপন কৰা হয় । চিনামৰা মহাবিদ্যালয় প্ৰকাশনৰ দ্বাৰা প্ৰকাশিত বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ৰ উদ্যোগত এই বৰ্ষৰ গুৰু মহীয়ান আনন্দ কেওঁট স্মাৰক ৰাজ্যিক বঁটা শিক্ষাবিদ, সাহিত্যিক, অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান তিতাবৰৰ প্ৰাগজ্যোতিকাৰ সঞ্চালক অচ্যুতদ্বীপ শইকীয়াক আৰু শিক্ষক সমাজকৰ্মী অতুল শৰ্মা স্মাৰক ৰাজ্যিক বঁটা বিশিষ্ট শিক্ষাবিদ, সুসাহিত্যিক, কবি, মৰিয়নি মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক ড° প্ৰদীপ কুমাৰ বৰুৱাক এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় ।
এই উপলক্ষ্যে চিনামৰা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অধ্যক্ষ ড° অঞ্জন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অধ্যাপক ড° দীপেন নাথে । অনিন্দিতা বৰাৰ গুৰু বন্দনাৰে আৰম্ভ হোৱা সভাখনত মহাবিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰা বৰগীতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে । অধ্যাপক অচ্যুত দত্ত আৰু অধ্যাপক ড° দীপেন নাথে আঁত ধৰা সভাখনত ২০২২ বৰ্ষৰ গুৰু মহীয়ান আনন্দ কেওঁট স্মাৰক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা শিক্ষাবিদ অচ্যুতদ্বীপ শইকীয়াক প্ৰদান কৰে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা চিনামৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° বীণাপাণি দেৱীয়ে । এই বঁটাত গামোচা, চেলেং, মহাবিদ্যালয়ৰ মোনা, সুদৃশ্য স্মাৰক, সম্বৰ্ধনা পত্ৰ, গ্ৰন্থৰ টোপোলা, চ্যাটিন আদি প্ৰদান কৰা হয় ।
আনহাতে, এই বৰ্ষৰ পৰা প্ৰদান কৰা শিক্ষক – সমাজকৰ্মী অতুল শৰ্মা স্মাৰক ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা সু-সাহিত্যিক, শিক্ষাবিদ ড° প্ৰদীপ কুমাৰ বৰুৱাক প্ৰদান কৰে গোলাঘাটৰ বিশিষ্ট চিকিৎসক ডাঃ মাখন বৰদলৈয়ে । এই বঁটাতো চেলেং, গামোচা, চ্যাটিন, গ্ৰন্থৰ টোপোলা, সুদৃশ্য স্মাৰক, সম্বৰ্ধনা পত্ৰ আদি প্ৰদান কৰা হয় । বঁটা গ্ৰহণ কৰি শিক্ষাবিদ – সাহিত্যিক ড° প্ৰদীপ কুমাৰ বৰুৱাই তেওঁ জীৱনত লাভ কৰা বঁটা বাহনৰ ভিতৰত এইয়া শ্ৰেষ্ঠ বুলি উল্লেখ কৰে । এনে ধৰণৰ কাৰ্য্যই সমাজৰ হকে অধিক কাম কৰিবলৈ উৎসাহ যোগাই বুলি মন্তব্য কৰি তেখেতে চিনামৰা মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে ইতিবাচক কামৰ শলাগ লয় । আনগৰাকী বঁটা প্ৰাপক অচ্যুতদ্বীপ শইকীয়াই মহাবিদ্যালয় কৰ্তৃপক্ষৰ এনে কাৰ্য্যৰ শলাগ লয় । শিক্ষক দিৱসত কোনো মহাবিদ্যালয়ে এইদৰে শিক্ষকক ৰাজ্যিক বঁটা প্ৰদান কৰা কাৰ্য্য নিতান্তই প্ৰশংসাৰ যোগ্য বুলি উল্লেখ কৰে । চিনামৰা মহাবিদ্যালয়ৰ এই কাৰ্য্যত তেখেতে অভিভূত হৈ পৰা উল্লেখ কৰি এনে উৎসাহজনক বঁটা প্ৰদানে ভৱিষ্যতে অধিক কাম কৰি যাবলৈ সাহস যোগাব বুলিও তেওঁ লগতে মন্তব্য কৰে । শিক্ষাবিদগৰাকীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰি সাৰুৱা বক্তব্য প্ৰদান কৰে । তেখেতে মহাবিদ্যালয়খনলৈ কেবাখনো গ্ৰন্থও উপহাৰ দিয়ে ।
সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি পৰিচালনা সমিতিৰ সভাপতি ড° বীণাপাণি দেৱী, শিক্ষক সমাজকৰ্মী অতুল শৰ্মা ৰাজ্যিক বঁটাৰ দাতা তথা চিনামৰা জাতীয় বিদ্যালয়ৰ অধ্যক্ষ অমৰজ্যোতি শৰ্মা আদিয়েও বক্তব্য প্ৰদান কৰে । ইয়াৰ পূৰ্বে শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি চিনামৰা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ উদ্যোগত মহাবিদ্যালয়খনৰ চৌহদৰ স্থাপন কৰা প্ৰতিষ্ঠাপক অধ্যক্ষ, শিক্ষাবিদ, ইতিহাসবিদ তথা মৰিয়নি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ আনন্দ শইকীয়াৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি উন্মোচন কৰে গোলাঘাটৰ বিশিষ্ট চিকিৎসক, সমাজকৰ্মী ডাঃ মাখন বৰদলৈয়ে । প্ৰতিমূৰ্তি উন্মোচন কৰি তেখেতে কয় – আনন্দ শইকীয়াই চিনামৰা মহাবিদ্যালয় প্ৰতিষ্ঠা কৰি কেৱল বৃহত্তৰ দক্ষিণ যোৰহাট অঞ্চলতে নহয়, সমগ্ৰ জিলাখনৰ শৈক্ষিক দিশৰ উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । গাঁঠিৰ ধন খৰচ কৰি অনগ্ৰসৰ অঞ্চলটোত শিক্ষাৰ পোহৰ বিলোৱা আনন্দ শইকীয়া প্ৰকৃতপক্ষে এজন শিক্ষাবিদ বুলি উল্লেখ কৰে । মহাবিদ্যালয়ৰ চৌহদত তেখেতৰ জীৱন্ত কালতেই পূৰ্ণাংগ প্ৰতিমূৰ্তি স্থাপন কৰি প্ৰমান কৰি দেখুৱাইছে, প্ৰকৃততে তেওঁৰ প্ৰতি শিক্ষক শিক্ষয়িত্ৰীসকলৰ প্ৰকৃততে কিমান শ্ৰদ্ধা আৰু মৰম আছে বুলিও তেওঁ লগতে মন্তব্য কৰে ।
এই সভাতেই প্ৰতিষ্ঠাপক অধ্যক্ষ আনন্দ শইকীয়াক মহাবিদ্যালয় শিক্ষক গোট, শাখা সাহিত্য সভা, মহিলা কোষ, প্ৰতিমূৰ্তি উন্মোচক ডাঃ মাখন বৰদলৈ আদিয়েও সম্বৰ্ধনা জনায় । সম্বৰ্ধনা গ্ৰহণ কৰি আনন্দ শইকীয়াই আৱেগিক হৈ পৰে । তেওঁ এইয়া জীৱনৰ শ্ৰেষ্ঠ প্ৰাপ্ত বুলি উল্লেখ কৰি কয় – নিজে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানখনত তেওঁৰ প্ৰতিমূৰ্তি স্থাপনত কোনোদিনেই কামনা কৰা নাছিল । কিন্তু শিক্ষক গোটে তেওঁৰ লগতে পৰিয়ালৰ আপত্তি স্বত্ত্বেও সেয়া কৰিলে বুলি মন্তব্য কৰে । শিক্ষক শিক্ষয়িত্ৰীসকলে পাঠ্যপুথিৰ শিক্ষাদানৰ ওপৰিও ছাত্ৰ ছাত্ৰীসকলৰ অভাৱ অভিযোগ, সমস্যা আদিৰ দিশতো গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তা আছে বুলি উল্লেখ কৰে । প্ৰসংগক্ৰমে তেওঁ ৰাইজে পতা বিদ্যালয়সমূহ সম্প্ৰতি চৰকাৰে বন্ধ কৰা কাৰ্য্যৰ বিৰোধিতা কৰি কয়- সমস্যা ক’ত সেয়া প্ৰথমে উলিয়াব লাগিব । বিদ্যালয় বন্ধ কৰিলেই সমস্যাৰ সমাধান নহয় । প্ৰতিমূৰ্তি নিৰ্মাণ কৰোতা ভাস্কৰ্য শিল্পী বিনোদ দাওক সভাখনত সম্বৰ্ধনা জনোৱা হয় । এই সভাতেই মহাবিদ্যালয়ৰ বাৰ্তালোচনী ‘বিশ্বমুখী যুগবাৰ্তা’ সমূহীয়াকৈ উন্মোচন কৰা হয় ।
আনহাতে আৰম্ভণীতে ড° সৰ্বপল্লী ৰাধাকৃষ্ণণ, আনন্দ কেঁওট আৰু অতুল শৰ্মাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান মুকলি কৰে মৰিয়নিৰ দিব্যজ্যোতি শইকীয়াই । পুৱা অধ্যাপক পদ্মেশ্বৰ কাটনিৰ নেতৃত্বত দহগৰাকী বিশিষ্ট ব্যক্তিয়ে গছ পুলি ৰোপণ কৰে । অধ্যাপক তৰুণ শইকীয়াই শলাগৰ শৰাই আগবঢ়োৱা সভাখনত শিক্ষক অতুল শৰ্মা স্মাৰক বঁটাৰ অন্যতম দাতা দিব্যজ্যোতি শৰ্মা, বঁটা প্ৰাপক ড° প্ৰদীপ কুমাৰ বৰুৱাৰ সহধৰ্মিনী, মৰিয়নিৰ বিদুষী মহিলা তথা শিক্ষাবিদ আনন্দ শইকীয়াৰ সহধৰ্মিনী চম্পাৱতী শইকীয়া প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।