নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ লাওখোৱাত উত্তপ্ত পৰিস্থিতি, নুৰুল হুদা গ’ বেগ ধ্বনি

নিয়মীয়া বাৰ্তা, ৬ নৱেম্বৰঃ চামগুৰিৰ লাওখোৱাত আজি পুনৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ৰকিবুল হুছেইনৰ পিছত এইবাৰ ৰাইজৰ ৰোষত পৰিল ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা৷ লাওখোৱা তিনিআলীত নুৰুল হুদাৰ বাহন প্ৰৱেশত বাধা প্ৰদান কৰে বিজেপি সমৰ্থকসকলে৷ বিধায়ক নুৰুল হুদা গ’ বেক নুৰুল হুদা মুর্দাবাদ ধব্বনিৰে বাধা প্ৰধান কৰি পৰিৱেশ উত্তাল কৰি তোলে৷ চামগুৰিৰ ভুৰবন্ধা-বগামুখত কংগ্ৰেছৰ প্ৰৱেশ নিষিদ্ধ কৰি পথৰ ওপৰত প্ৰতিবাদ কৰে বিজেপি সমৰ্থকৰ। সমস্যা জৰ্জৰিত লাওখোৱাৰ ভুৰবন্ধা অঞ্চলত কংগ্ৰেছে কোনো উন্নয়ন নকৰাৰ অভিযোগ তুলি কংগ্ৰেছৰ প্ৰৱেশ নিষেধ কৰে স্থানীয় বিজেপি সমৰ্থকে। চামগুৰিৰ বগামুখ আৰু ভুৰবন্ধাত কংগ্ৰেছ প্ৰাৰ্থীৰ হৈ প্ৰচাৰত গৈছিল ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা ৷ বৃহত্তৰ নৈ পৰীযা ভুৰবন্ধা অঞ্চলত যুগ যুগ ধৰি কংগ্ৰেছে অকল ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আহিছিল৷ যাৰ বাবে ভোটাৰ ৰাইজ অতিষ্ঠ হৈ কংগ্ৰেছৰ প্ৰচাৰ কাৰ্যত বাধা প্ৰধান কৰিছে৷ ঘটনাস্থলীত কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া আৰু ৰূপহীহাট আৰক্ষী আৰু বিজেপি নেতা মজিবুৰ ৰহমানৰ তৎপৰতাত বিধায়ক নুৰুল হুদাক যাবলৈ  সুবিধা কৰি দিয়ে।
প্ৰেৰক জহিৰুল ইছলাম
You might also like