নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগৰবেৰাত শহুৰ-জোঁৱাইৰ ভয়ানক মাৰপিটৰ মহাৰণ

নিয়মীয়া বাৰ্তা, ৩০ আগষ্টঃ কামৰূপৰ নগৰবেৰা থানাৰ অন্তৰ্গত বদলাত শহুৰ-জোঁৱাই দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। উক্ত মাৰপিটত দুয়ো পক্ষৰ ৫জনকৈ লোক আহত হয়। মাটি বন্ধকীৰ টকাৰ লেনদেনক লৈ শহুৰ-জোঁৱাই পক্ষৰ মাজত সংঘটিত এই মাৰপিট কাণ্ড। এই মাৰপিটৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্য সৃষ্টি কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি গাঁওখনৰ শ্বহিদ আলীৰ পৰা জোঁৱায়েক আয়নাল হকে ৮০ হাজাৰ টকাত মাটি বন্ধকত থৈছিল। শহুৰেকৰ মতে টকাখিনি পৰিশোধ কৰিছে আৰু জোঁৱায়েকৰ মতে টকা দিয়া নাই। তাকে লৈ প্ৰথমে কথা কটাকটি আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিট সংঘটিত হয়। এই মাৰপিটত শহুৰ -জোঁৱাইসহ পাঁচজনকৈ লোক আহত হয়। আহতসকলক টুপামাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হয় যদিও জোঁৱায়েক আয়নাল হকৰ অৱস্থা সংকটজনক দেখি চিকিৎসকে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত ইতিমধ্যে দুয়ো পক্ষই টুপামাৰী আৰক্ষীৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে। এই মাৰপিটৰ ঘটনাই অঞ্চলটোত তীব্ৰ চেপা উত্তেজনা বিৰাজ কৰিছে।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like