যশস্বী অভিনেত্ৰী ৰীণা বৰালৈ ‘ভবেন বৰুৱা বঁটা-২০২৪’
# নলবাৰীত যুৱ-ছাত্ৰ পৰিষদৰ উদ্যোগত ষষ্ঠদশ বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন।
# শিল্পী পেঞ্চন প্ৰাপক ফজল আলীক জীৱনজোৰা সাধনা বঁটা
বিশেষ বাৰ্তা, ৮ আগষ্টঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত স্বনামধন্য নাট্যকাৰ, পৰিচালক, অভিনেতা প্ৰয়াত ভবেন বৰুৱাৰ স্মৃতি সজীৱ কৰি ৰখা আৰু শিশুসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যেৰে ২০০৯ চনৰ পৰা ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ আয়োজন কৰি অহা হৈছে।এইবাৰো অহা ২, ৩, ৪ ছেপ্তেম্বৰত অনুষ্ঠিত হৱ ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা।এইবাৰ ষষ্ঠদশ বৰ্ষৰ প্ৰতিযোগিতা পৰিচালনাৰ বাবে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে বিশিষ্ট চকুৰোগ বিশেষজ্ঞ তথা সাংস্কৃতিক কৰ্মী ডাঃ শুভ্ৰকিংকৰ গোস্বামীক সভাপতি, যুৱ-ছাত্ৰ পৰিষদৰ জিলা সমিতিৰ উপদেষ্টা তথা কেন্দ্ৰীয় সমিতিৰ কাৰ্য্যনিৰ্বাহক সদস্য মনোৰাম কলিতাক কাৰ্য্যকৰী সভাপতি, সাধাৰণ সম্পাদক হিচাপে নলবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ কলিতা, সহকাৰী সম্পাদক হিচাপে প্ৰনৱজ্যোতি কলিতা, নয়ন শৰ্মা, সামগ্ৰীক ব্যৱস্থাপক ৰূপে জিলা সমিতিৰ উপদেষ্টা বিশ্বজিৎ বৰুৱা, কেন্দ্ৰীয় সমিতিৰ শিক্ষা সম্পাদক মৃণাল কুমাৰ বৰ্মন, সাংগঠনিক সম্পাদক নগেন শালৈ আৰু জিলা সমিতিৰ যুটীয়া সম্পাদক প্ৰাঞ্জল কলিতাক লৈ পূৰ্ণাঙ্গ ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা পৰিচালনা সমিতি খন গঠন কৰা হয়।এই প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি অসমৰ নাট্যজগতলৈ অভূতপুৰ্ব বৰঙনি আগবঢ়াই অহা একোগৰাকী বিশিষ্ট নাট্যকৰ্মীলৈ প্ৰদান কৰি আহিছে ‘ভবেন বৰুৱা বঁটা’। সমান্তৰালকৈ বিগত বৰ্ষৰ পৰা জিলাখনৰ নাট্য সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰখনত প্ৰভূত বৰঙণি আগবঢ়োৱা একোগৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়াইছে ‘জীৱনযোৰা সাধনা বঁটা’। সেই অনুসৰি, এইবাৰ ভ্ৰাম্যমান তথা অসমীয়া ছবি জগতৰ প্ৰবীন যশস্বী অভিনেত্ৰী ৰীনা বৰাক প্ৰদান কৰা হব ভবেন বৰুৱা বঁট,২০২৪। আজি এই কথা আনুষ্ঠানিকভাৱে ঘোষনা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ উদ্যোগত প্ৰতিবছৰে উদযাপন হৈ অহা ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ পৰিচালনা সমিতি তথা যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে।সংগঠনটোৰ জিলা সমিতিৰ কাৰ্যালয়ত আজি আয়োজন কৰিছে এখন সংবাদ মেল। আজি বিয়লি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা সংবাদমেলত উপস্থিত থাকি পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি নিৰোদ দাস, সাধাৰণ সম্পাদক যোগেশ কলিতা, নাট পৰিচালনা সমিতিৰ সভাপতি তথা বিশিষ্ট চকু চিকিৎসক আৰু সাংস্কৃতিক কৰ্মী ডা: শুভ্ৰকিংকৰ গোস্বামী, কাৰ্যকৰী সভাপতি মনোৰাম কলিতাই বঁটা প্ৰাপকৰ নাম আনুষ্ঠানিক ভাৱে ঘোষণা কৰে । অহা ৩ চেপ্তেম্বৰৰ দিনা নাট্য মন্দিৰ, নলবাৰীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰবীন অভিনেত্ৰী ৰীণা বৰাক ২০২৪ বৰ্ষৰ “ভবেন বৰুৱা বঁটা” আনুষ্ঠানিকভাৱে প্ৰদান কৰা হব। উল্লেখ্যযে, ভ্ৰাম্যমান থিয়েটাৰৰ ৭০ খনৰো অধিক নাটক, এমেচাৰ থিয়েটাৰত ৩০০ খনৰো অধিক নাটকত অভিনয় কৰা ৰীনা বৰা একেধাৰে ধাৰাবাহিক, বোলছবিৰো অভিনেত্ৰী।তেওঁ ৩০ খনৰো অধিক বোলছবিত অভিনয় কৰিছে।ইয়াৰ ভিতৰত হিন্দী বোলছবিও আছে। কুৰিখনৰো অধিক দুৰদৰ্শনৰ ধাৰাবাহিকতো অভিনয় কৰিছে।ইয়াৰ ভিতৰত হিন্দী ধাৰাবাহিকো আছে।১৯৫৩ চনৰ ২৮ জানুৱাৰীত যোৰহাটৰ তৰাজানত জন্ম গ্ৰহন কৰা প্ৰবীন অভিনেত্ৰী ৰীনা বৰাই ইতিমধ্যে বহু কেইটা বঁটাৰ লগতে জীৱনযোৰা সাধনা বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে। ১৯৬৫-৬৬ চনত নটৰাজ থিয়েটাৰত নৃত্য শিল্পী হিচাপে ভ্ৰাম্যমান জগতত প্ৰবেশ কৰা ৰীনা বৰাই পৰবৰ্তী সময়ত পূৰ্বজ্যোতি থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, সুৰদেৱী থিয়েটাৰ, কহিনুৰ থিয়েটাৰ, আৱাহন থিয়েটাৰ, হেঙুল থিয়েটাৰ আদিত অভিনয় কৰে। তেওঁ ২০১৪ চনত জীৱনযোৰা সাধনা বঁটা, ২০১৬-১৭ বৰ্ষত যোৰহাটৰ সংগীত শিল্পী সন্থাই মঞ্চপ্ৰভা বঁটাকে ধৰি কেবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হয়।ইপিনে, জীৱনজোৰা সাধনা বঁটা প্ৰবীণ কৌতুক অভিনেতা তথা শিল্পী পেঞ্চন প্ৰাপক ফজল আলীক প্ৰদান কৰা হব। অভিনেত্ৰী হিচাপে দৰ্শকৰ মনত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা তথা পুতুলাঘৰ, বুকুৰ মাজত জ্বলে, হিয়া দিয়া নিয়া, জয়মতী, মমতাৰ চিঠিকে ধৰি শেহতীয়া ৰত্নাকৰ, ৰঘূপতি আদি বোলছবিৰ লগতে তিনিশখনৰো অধিক এমেচাৰ নাটকত অভিনয় কৰা তথা ২০১৪ বৰ্ষৰ ৰদালি বঁটা, ২০১৬ বৰ্ষৰ মঞ্চপ্ৰভা বঁটা, ২০১৮ বৰ্ষৰ আইদেউ সন্দিকৈ বঁটা লাভ কৰা বলিষ্ঠ অভিনেত্ৰীগৰাকীক নলবাৰী চহৰৰ মাজেৰে এক বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰে আগবঢ়াই অনা হ’ব। উল্লেখ্য যে, অসমৰ প্ৰতিজন নাট্যৰসিক, পেচাদাৰী, অপেচাদাৰী নাট্যক্ষেত্ৰৰ স’তে জড়িত শিল্পী, কলা-কুশলী তথা দৰ্শকৰ হৃদয়ত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা স্বনামধন্য শিল্পী ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰাৰ হেঁপাহেৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিয়ে ২০০৯ বৰ্ষৰ পৰাই নলবাৰীত তিনিদিনীয়াকৈ প্ৰতিবছৰে ২,৩ আৰু ৪ চেপ্তেম্বৰত ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহাৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰত বিশিষ্ট বৰঙণি আগবঢ়োৱা একো গৰাকী নাট্য শিল্পীক “ভবেন বৰুৱা বঁটা” প্ৰদান কৰি আহিছে। মন কৰিব লগীয়া যে শিল্পীজনাৰ নাট্য প্ৰতিভাক চিৰস্মৰণীয় কৰি ৰখাৰ প্ৰয়াসেৰে যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ইতিমধ্যে ২০০৯ বৰ্ষত বিশিষ্ট নাট পৰিচালক, সুদক্ষ অভিনেতা দুলাল ৰয়, ২০১০ বৰ্ষত গুৰুজী আদ্য শৰ্মা, ২০১১ বৰ্ষত বিশিষ্ট অভিনেতা বিজু ফুকন, ২০১২ বৰ্ষত বিশিষ্ট অভিনেতা নিলু চক্ৰবৰ্ত্তী, ২০১৩ বৰ্ষত বিশিষ্ট অভিনেতা মহানন্দ শৰ্মা, ২০১৪ বৰ্ষত বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকা, ২০১৫ বৰ্ষত ভ্ৰাম্যমাণৰ মহীৰূহ অচ্যুত লহকৰ, ২০১৬ বৰ্ষত মঞ্চসূৰ্য সংগীত নাটক অকাডেমী বঁটা প্ৰাপ্ত ধৰণী বৰ্মন, ২০১৭ বৰ্ষত ভ্ৰাম্যমাণ নাট্য জগতৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্ত, ২০১৮ বৰ্ষত বিশিষ্ট অভিনেত্ৰী বিদ্যা ৰাও, ২০১৯ বৰ্ষত বিশিষ্ট নাট্যকাৰ পৰিচালক দাৰা আহমেদ, ২০২০ বৰ্ষত বিশিষ্ট অভিনেতা পৰিচালক কুলদা কুমাৰ ভট্টাচাৰ্য, ২০২১ বৰ্ষত বিশিষ্ট অভিনেতা নিপন গোস্বামীক, ২০২২ বৰ্ষত প্ৰবীন অভিনেতা দীনেশ দাস , ২০২৩ বৰ্ষত ভ্ৰাম্যমানৰ যশস্বী অভিনেতা ভবেশ বৰুৱাক “ভবেন বৰুৱা বঁটা” প্ৰদান কৰা হৈছে। উল্লেখ্য যে, এই বঁটাত থাকিব নগদ ১৫,০০০ টকা, ফুলাম গামোছা, চেলেং চাদৰ,ফুলাম জাপি, মানপত্ৰ, শৰাই, স্মাৰক ইত্যাদি। উল্লেখ্য যে প্ৰথম দিনাৰ নাট প্ৰতিযোগিতা শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা ৰানাপ্ৰতাপ বৰুৱা, কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই। প্ৰথম দিনা উক্ত অনুষ্ঠানতে নাট প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি অহা স্মৰণিকা ‘সংলাপ’ খনো উন্মোচন কৰা হ’ব। দ্বিতীয় দিনা নাট প্ৰতিযোগিতাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি পলাশ চাংমাই। উল্লেখ্য যে যোৱা ২০২৩ বৰ্ষৰ পৰা আৰম্ভ কৰা জীৱনজোৰা সাধনা বঁটা নলবাৰীৰ বিশিষ্ট কৌতুক শিল্পী, অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপ্ত ফজল আলীক নাট প্ৰতিযোগিতাৰ প্ৰথম দিনত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হ’ব।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন