৩০ জানুৱাৰীত মহাকুম্ভ মেলালৈ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰসহ ভকত
নিয়মীয়া বাৰ্তা, ২৬ জানুৱাৰী : ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলালৈ প্ৰথমবাৰৰ বাবে মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীননীগোপাল দেৱ গোস্বামীয়ে সত্ৰৰ ৬ জনীয়া ভকত বৈষ্ণৱসহ ৩০ জানুৱাৰীত উত্তৰ প্ৰদেশলৈ ৰাওঁনা হ’ব৷ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ননী গোপাল দেৱ গোস্বামীয়ে জানিবলৈ দিয়া মতে প্ৰয়াগৰাজত থকা দিন কেইটাত সত্ৰীয়া নীতি- নিয়ম আৰু পৰম্পৰানুসৰি নিত্য নৈমিত্তিক মাংগলিক কৰ্মাদি চলি থাকিব৷ বিশ্বৰ অন্যতম ধৰ্মীয় অনুষ্ঠান ২৬ ফেব্ৰুৱাৰীপৰ্যন্ত প্ৰয়াগৰাজত চলিব ৷ শ্ৰীশ্ৰী দক্ষিণপাটীয় সত্ৰাধিকাৰ গোস্বামী মহাকুম্ভ মেলালৈ যাত্ৰাৰ সকলো প্ৰস্তুত ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে৷ ৪৫ দিনীয়াকৈ অনুষ্ঠিত হোৱা মহাকুম্ভ মেলাত অংশগ্ৰহনৰ হেতু ইতিমধ্যে ১৭ জানুৱাৰীত মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীজনাৰ্দ্দন দেৱ গোস্বামীসহ ১৫ জনীয়া এটি দলে প্ৰয়াগৰাজত সাতদিনীয়া ভাগৱত পাঠ অব্যাহত ৰাখিছে৷ আনহাতে ২৯ জানুৱাৰীত শ্ৰীশ্ৰী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামীৰ নেতৃত্বত ৪০জনীয়া আন এটি দলে ৰাওঁনা হব বুলি জানিব পৰা গৈছে৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড