কাইলৈৰ পৰা ধুবুৰীৰ গুৰুদ্বাৰত ৩৪৯সংখ্যক শ্বহিদী দিৱস
নিয়মীয়া বাৰ্তা, ৪ ডিচেম্বৰঃ কাইলৈৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত “শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব গুৰুদ্বাৰা”ত তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ’ব এইবেলিৰ ৩৪৯ সংখ্যক শ্বহিদী দিৱস। উল্লেখ্য যে শিখসকলৰ নৱম গুৰু স্বয়ং টেগ বাহাদুৰে স্থাপন কৰা ধুবুৰীৰ এই গুৰুদ্বাৰাৰ আছে এক দীঘলীয়া, সমৃদ্ধিশালী ইতিহাস। কেৱল টেগ বাহাদুৰেই নহয়; শিখসকলৰ প্ৰথম ধৰ্মগুৰু গুৰু নানকৰো পদাৰ্পণ ঘটিছিল ধুবুৰী এই গুৰুদ্বাৰাটো নিৰ্মিত হোৱা স্থানত। ১৫০৫ খ্ৰীষ্টাব্দত ঢাকাৰ পৰা উভতাৰ পথত ধুবুৰী চহৰৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ এটা ওখ টিলাত শ্ৰীমন্ত শংকৰদেৱৰ সৈতে সাক্ষাৎ ঘটিছিল গুৰু নানকৰ। পিছত ১৬৬৭ চনত শিখসকলৰ নৱম গুৰু টেগ বাহাদুৰৰ আগমন ঘটিছিল ধুবুৰীলৈ আৰু তেখেতেই স্থাপন কৰিছিল ধুবুৰীৰ এই গুৰুদ্বাৰাটো। ইয়াতে উল্লেখনীয় এয়াও যে, প্ৰতি বছৰে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা এই “শ্বহিদী দিৱস”ৰ কাৰ্যসূচীত অংশ লবলৈ কেৱল অসম অথৱা উত্তৰ পূৰ্বাঞ্চলেই নহয়; দেশ–বিদেশৰ পৰাও ধুবুৰীত আহি উপস্থিত হয় শিখসকল। প্ৰতিবছৰে শ্বহিদী দিৱস উপলক্ষে ধুবুৰীৰ গুৰুদ্বাৰাত আয়োজিত হৈ অহা বিভিন্ন ধৰ্মীয় কাৰ্য্যসূচীৰ সমান্তৰালকৈ গুৰুদ্বাৰাটোৰ ওচৰৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত বহা তিনিদিনীয়া মেলাখনে সমগ্ৰ ধুবুৰী চহৰত সৃষ্টি কৰে এক উৎসৱমুখৰ পৰিৱেশৰো। উল্লেখযোগ্য যে, অইন অইন বাৰৰ দৰে শ্বহিদী দিৱস উপলক্ষে এনএফ ৰেলৱে কৰ্তৃপক্ষই ডিব্ৰুগড়-ধুবুৰীগামী এখন বিশেষ যা্ৰীবাহী ট্ৰেইনৰ ব্যৱস্থা কৰিছে। সেই বিশেষ ট্ৰেইনখন অহাকালি; অৰ্থাৎ ৫ ডিচেম্বৰৰ পুৱতিনিশা ধুবুৰীত উপস্থিত হোৱাৰ কথা। আনহাতে তিনি দিনীয়া শ্বহিদী দিৱসৰ অন্তিম দিনা, অৰ্থাৎ ৭ ডিচেম্বৰৰ বিয়লি ধুবুৰী পৰা ডিব্ৰুগড়গামী অইন এখন বিশেষ ট্ৰেইনৰো ব্যবস্থা কৰিছে ৰেলৱে কৰ্তৃপক্ষই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী