নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয়নগৰত বিশাল মেগা মাৰ্টত মহিলাৰ গাত উঠোৱা জুৱেলক গ্ৰেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১০ ছেপ্টেম্বৰঃ অৱশেষত জালত পৰিল পলাশবাৰী সমষ্টিৰ বিভিন্ন অসামাজিক কাৰ্যত জড়িত মাফিয়া মহম্মদ জুৱেল মজুমদাৰ। যোৱা ৫ ছেপ্টেম্বৰত দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ সমীপৰ বিশাল মেগা মাৰ্টত মহম্মদ জুৱেল মজুমদাৰ নামৰ এজন লোকে হঠাতে মাৰ্কেটখনৰ ভিতৰত কৰ্মচাৰীক অসভ্য গালি-গালাজ কৰি মাৰপিট কৰিছিল। আনকি মহিলা কৰ্মচাৰীৰ গাতো হাত দিবলৈ কুণ্ঠাবোধ কৰা নাছিল। এজন যুৱক কৰ্মচাৰীক প্ৰকাণ্ড চৰ শোধাই বীৰত্ব প্ৰদৰ্শন কৰিছিল এইগৰাকী মহম্মদ জুৱেল মজুমদাৰে। সকলো ভিডিঅ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছত বিশালত কৰ্মৰত এগৰাকী যুৱতী কৰ্মচাৰীয়ে পলাশবাৰী থানাত এজাহাৰ দাখিল কৰিছিল। তাৰ পিছৰে পৰাই পলাতক হৈ আছিল মাফিয়া জুৱেল। অৱশেষত যোৱানিশা পলাশবাৰী আৰক্ষীয়ে মাফিয়াজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

প্ৰেৰক বিনয় কলিতা

You might also like