নিয়মীয়া বার্তা, ১৮ আগষ্টঃ ক’ৰোনা সৃষ্ট পৰিস্থিতিৰ মাজতে আজিৰে পৰা মাহজোৰা কাৰ্যসূচীৰে সমগ্ৰ নগাওঁ জিলাত আৰম্ভ হৈছে ভাদ মহীয়া উৎসৱ। অসমৰ সাংস্কৃতিক জগতখনৰ অন্যতম মূল প্ৰাণকেন্দ্ৰ নগাওঁ জিলাৰ সত্ৰ আৰু নামঘৰ সমূহত সীমিত পৰিসৰত ভক্তপ্ৰাণ ৰাইজে পৱিত্ৰ ভাদ মাহৰ আৰম্ভণিৰ দিনা হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তোলে।
যুগ যুগ ধৰি পালন কৰি অহা ভাদ মাহৰ উৎসৱৰ উৎসাহ উদ্দীপনা এইবাৰ ক’ৰোনাসৃষ্ট পৰিস্থিতিৰ বাবে বহু পৰিমাণে হ্ৰাস পাইছে। কেৱল নিয়ম ৰক্ষা কৰি জিলাখনৰ আশীখনৰো অধিক সত্ৰ আৰু সহস্ৰাধিক নামঘৰত আজি পুৱাৰে পৰা ভক্তপ্ৰাণ ৰাইজে ভাদমাহ উদযাপনৰ শুভাৰম্ভ কৰে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মভূমি শ্ৰীশ্ৰী বটদ্ৰৱা থানত সাম্প্ৰতিক জটিল পৰিস্থিতিৰ বাবে এইবাৰ কেৱল পৰম্পৰা ৰক্ষা কৰি ভাদমাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। তাল কোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, নাম প্ৰসংগ, খোল প্ৰসংগ, গুণমালা ভটিমাকে ধৰি ১৮ প্ৰসংগ ধৰ্মীয় পৰম্পৰা অনুসৰি অনুষ্ঠিত হৈছে।
ইপিনে কলিয়াবৰৰ ঐতিহ্যমণ্ডিত ভৰালী নামঘৰটো আজিৰে পৰা পুৱা-গধূলি দুই প্ৰসংগৰে ভাদ মাহৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইপিনে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ প্ৰচাৰৰ বাবে গঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও চহৰৰ কলংপাৰত থকা নামঘৰত সংঘৰ ভকত-বৈষ্ণৱসকলে সামাজিক দূৰত্ব বজাই ৰাখি আজি পুৱা নামপ্ৰসংগ, বিয়লি নামপ্ৰসংগ, গধূলি নাম-কীৰ্তন আদিৰে ভাদ মাহৰ পৱিত্ৰ কাৰ্যসূচী আৰম্ভ কৰিছে।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নামধৰ্ম সমাজৰ উদ্যোগটো জিলাখনৰ বিভিন্ন নামঘৰত ভাদ মাহৰ ভদীয়া উৎসৱ উদযাপন কৰিছে। একেদৰে একশৰণ ভাগৱতী সমাজ, বৈদিক সমাজৰ উদ্যোগতো ভাদ মাহৰ উৎসৱ উদযাপন কৰা হৈছে। জিলাখনৰ কলিয়াবৰ, চামগুৰি, পুৰণিগুদাম, চাপানলা, বঢ়মপুৰ, ৰূপহী, জুৰিয়া, ধিং, হাতীচুং, ৰহা, চাপৰমুখ, ফুলগুৰি, বেবেজীয়া, নগাঁও চহৰ, দক্ষিণপাট, কামপুৰ, কঠিয়াতলী, ননৈ, পাথৰি, উৰিয়া গাঁও, মৰিকলং, শেনচোৱা আদি অঞ্চলসমূহৰ সত্ৰ-নামঘৰসমূহত আজি পুৱাৰ পৰাই ভক্তপ্ৰাণ লোকসকলক ভদীয়া উৎসৱ পালনৰ বাবে ব্যস্ত হৈ পৰা দেখা যায়।