নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১ ছেপ্টেম্বৰৰ পৰা স্কুল-কলেজত শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি এক সংবাদমেলযোগে ১ ছেপ্টেম্বৰৰ পৰা স্কুল-কলেজত সকলো শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক বুলি উল্লেখ কৰে।

মন্ত্ৰীগৰাকীয়ে সংবাদ মেলত কয় যে প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয় পৰ্যন্ত সকলো শিক্ষক-শিক্ষয়িত্ৰীয়ে আগষ্টৰ ২১ তাৰিখৰ পৰা ৩০ তাৰিখৰ ভিতৰত ক’ভিড-১৯ পৰীক্ষা সম্পূৰ্ণ কৰিব লাগিব। মুখ্যতঃ ছাত্ৰ-ছাত্ৰীৰ স্বাস্থ্য সুৰক্ষাৰ প্ৰসংগত এয়া জৰুৰী।

লগতে ১ ছেপ্টেম্বৰৰ পৰা সকলো শিক্ষক-শিক্ষয়িত্ৰী নিজৰ নিজৰ শিক্ষা প্ৰতিষ্ঠানত উপস্থিত থাকিব লাগিব। ইয়াৰ অন্যথা অনুপস্থিতিৰ দিনটোৰ বাবদ দৰমহা কৰ্তন কৰা হ’ব।

আনহাতে শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ১ ছেপ্টেম্বৰৰ পৰা শিক্ষক-শিক্ষয়িত্ৰীৰ উপস্থিতি বাধ্যতামূলক যদিও স্কুল-কলেজ ১ ছেপ্টেম্বৰৰ পৰা খোলাৰ প্ৰসংগত এতিয়াও চৰকাৰে সিদ্ধান্ত ল’বলৈ বাকী আছে।

You might also like