নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পঞ্চায়তী কামৰ ভেল্কীবাজি : মাটিয়াত ক্ষুব্ধ লোকে ভাঙিলে বিদ্যালয়ৰ বাউণ্ডেৰী ৱাল

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ গোৱালপাৰা জিলাৰ মাটিয়া সুতাৰপাৰাত পঞ্চায়তী দুৰ্নীতিৰ তথ্য ফাদিল। নিশা ক্ষোভিত ৰাইজে ভাঙিলে বাউণ্ডেৰী ৱাল। পঞ্চায়ত সচিব আৰু নিৰ্মাণ কমিটিৰ সভাপতি মিলি মিলি বিদ্যালয়ৰ বাউণ্ডেৰী ৱাল নিৰ্মাণত ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ। অতি নিম্নমানৰ সামগ্ৰীৰে বিদ্যালয়ৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত ৰাইজে হাতুৰীৰে কোবাই ভাঙিলে ৱালৰ এটা অংশ। তথ্য অনুসৰি পূব গোৱালপাৰা সমষ্টিৰ নৱাগত শিমলীতলা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সুতাৰপাৰা মাজৰ গাঁও হাইস্কুলৰ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ বাবদ বিভাগীয়ভাবে আবণ্টন হৈছিল ৩,৭,০৬,০০ টকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আব্দুল আজিদ প্ৰধানীক সভাপতি হিচাপে লৈ গঠন কৰা হৈছিল নিৰ্মাণ কমিটি। ২০২২-২৩ বৰ্ষৰ পঞ্চদশ বিত্তীয় পুঁজিৰ দ্বিতীয় কিস্তিৰ ধনেৰে নিৰ্মাণ কৰা কামত পঞ্চায়ত সচিব আৰু নিৰ্মাণ কমিটীৰ সভাপতিয়ে মিলি ব্যাপক দুৰ্নীতি কৰাৰ অভিযোগ উত্থাপন কৰি ৰাইজ জাঙুৰ খাই উঠে। উক্ত বাউণ্ডেৰী ৱালৰ নিৰ্মাণ কামত সঠিক পৰিমাণৰ চিমেণ্ট, ৰড, কয়ল আদি নিদিয়াৰ বাবে ৰাইজে নিশাৰ ভাগত ক্ষোভিত হৈ ভাঙি দিয়ে ৱালৰ এটা অংশ। প্ৰশ্ন হয় কি সাহসত পঞ্চায়ত সচিৱে চলাইছে লুণ্ঠনৰাজ, দুৰ্নীতি? শিক্ষানুষ্ঠানখনত সংঘটিত এনে দূৰ্নীতিৰ তদন্ত আৰু ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ক্ষোভিত ৰাইজে

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like