নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শুৱালকুছিৰ মনসা পূজাত ড° হিমন্ত বিশ্ব শৰ্মা-ৰমেন ডেকাৰ আশিস গ্ৰহণ

বিশেষ বাৰ্তা, ১৮ আগষ্টঃ শুৱালকুছিত কালিৰে পৰা চাৰিদিনীয়াকৈ স্থানীয় শ্ৰীশ্ৰীগণেশ বিগ্ৰহত অনুষ্ঠিত হৈছে মনসা পূজা ৷ আজি মনসা পূজাত উপস্থিত হৈ মা মনসাৰ আশিস গ্ৰহণ কৰে ছত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই ৷ লগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশেষ অসুবিধাৰ বাবে মনসা মন্দিৰৰ বাহিৰৰ পৰাই মা মনসাৰ আশিস গ্ৰহণ কৰে৷ মুখ্যমন্ত্ৰীগৰাকীয়ে মনসা পূজাৰ যাগযজ্ঞই সকলোৰে মনলৈ শান্তি আনিব বুলি উল্লেখ কৰি আধ্যাত্মিক চিন্ত চৰ্চাই মানুহৰ মনপ্ৰাণ সজীৱ কৰি ৰাখে বুলি দোহাৰে ৷ বাসত্তৰঘৰীয়া ব্ৰাহ্মণ সমাজৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক গামোচা, জাপি, শৰাই আদিৰে সম্ভাষণ জনায়৷ মন্দিৰটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি দিয়াৰ বাবে সমিতিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ শলাগ লয়৷ প্ৰজন্মই প্ৰজন্মই যাতে মনসা পূজা চলি থাকে মুখ্যমন্ত্ৰীগৰাকীয়ে তাৰে আশা প্ৰকাশ কৰে৷ সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক এখন স্মাৰক পত্ৰও প্ৰদান কৰে৷ ইফালে ৰাজ্যপাল ৰমেন ডেকায়ো উদ্যোক্তাসকলক ধৰ্মীয় পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ আহ্বান জনায়৷ শুৱালকুছিৰ পিছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কামৰূপৰ পছৰীয়াৰ মনসা পূজাস্থলীত উপস্থিত হৈ পূজা সমিতিৰ লগত মত বিনিময় কৰি মনসা পূজা উদযাপনৰ বিভিন্ন দিশ সন্দৰ্ভত পৰ্যলোচনা কৰে৷ তেওঁ মন্দিৰৰ বাহিৰৰ পৰাই মা মনসাৰ আশিস গ্ৰহণ কৰে৷ ইফালে শুৱালকুছিৰ মনসা পূজাত অগণন ভক্তিপ্ৰাণ লোকৰ সমাগম হয় ৷ পূজাস্থলীত দেওধাই নৃত্যও অনুষ্ঠিত হয় ৷

প্ৰেৰক দিলীপ মেধি

You might also like