নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাপুৰ চৰকাৰী বৃদ্ধাৱাসত অৰুণোদয় অনুমোদন পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : ভাতৃ-ভগ্নীৰ পৱিত্ৰ সম্পৰ্কৰ বাবে পালিত আজিৰ দিনটো এক বিশেষ দিন ৰাখীবন্ধন। এই উপলক্ষে আজি সোণাপুৰ চৰকাৰী বৃদ্ধ আৱাসতো পালন কৰা হয় ৰাখীবন্ধন৷ এই ৰাখীবন্ধন অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ বৃদ্ধাৱাসত থকা ককা-আইতাই আজিৰ এই পৱিত্ৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীক ৰাখী পিন্ধাই আশীৰ্বাদ লয়৷ ৰাখী বন্ধন উদ্দেশ্যি অনুষ্ঠিত চমু সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ এই ৰাখী পূৰ্ণিমাৰ দিনটোত গুৱাহাটীৰ আটাইকেইখন বৃদ্ধাশ্ৰমৰ লগতে সোণাপুৰ চৰকাৰী বৃদ্ধাৱাসৰ সকলো আৱাসীকে আধাৰ কাৰ্ড দিছো৷ ইয়াৰ জৰিয়তে তেওঁলোকে বেংকত একাউণ্ট খুলিব পাৰিব৷ আধাৰ কাৰ্ডৰ লগতে আজি আমি এখন ৰেচন কাৰ্ডো দিছোঁ৷ ইয়াৰ জৰিয়তে তেওঁলোকে মাহত বিনামূলীয়াকৈ পাঁচ কেজিকৈ চাউল পাব ৷ ইয়াৰ পূৰ্বে ককা-আইতাই এই সুবিধা লাভ কৰা নাছিল৷ তৃতীয়তে তেওঁলোকক আমি দিছো আয়ুস্মান ভাৰত কাৰ্ড৷ যাতে তেওঁলোকে আমাৰ চিকিৎসালয়ত পাঁচ লাখ টকাকৈ বিনামূলীয়া চিকিৎসা সুবিধা পাব পাৰে৷ চতুৰ্থতে আমি তেওঁলোকক অৰুণোদয় অনুমোদন পত্ৰ দিছো৷ কাইলৈৰ পৰা তেওঁলোকৰ একাউণ্টত ১২৫০ টকাকৈ সোমাব ৷ তাৰ পিছত প্ৰত্যেক মাহৰ ১০ তাৰিখে ১২৫০ টকাকৈ সোমাই থাকিব ৷ এই টকাৰে তেওঁলোকে পুষ্টিকৰ খাদ্য ক্ৰয় কৰিব পাৰিব ৷ এই গোটেইকেইটা সুবিধা বৃদ্ধাশ্ৰমত থকা ককা-আইতাসকলক আজিৰ এই ৰাখীবন্ধনৰ দিনটোত দিব পাই মই গৌৰৱ অনুভৱ কৰিছোঁ বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ লগতে তেওঁ কয় যে এই গোটেইখিনি সুবিধা যাতে ৰাজ্যৰ সকলো বৃদ্ধাশ্ৰমত থকা ককা-আইতাই সুবিধা লাভ কৰে তাৰ বাবে জিলা আয়ুক্তক নিৰ্দেশ দিয়া হৈছে ৷ আৰু মই ভাবোঁ যে অহা ছেপ্টেম্বৰ মাহৰ ভিতৰত এই সকলো সুবিধা লাভ কৰিব৷ এই দিনটোত যাতে সকলোৰে ভাইটি, ভণ্টি বা ককায়েকক ৰাখী পিন্ধাই আগন্তুক দিনবোৰত সকলো ধৰণৰ দুৰ্যোগৰ পৰা ৰক্ষা পৰে৷ ইপিনে মুখ্যমন্ত্ৰীয়ে কয় যে সোণাপুৰ বৃদ্ধাৱাসত থকা ৫৭গৰাকী ককা-আইতাক যাতে মাহত এবাৰকৈ স্বাস্থ্য পৰীক্ষা কৰিব পৰা যায় তাৰ বাবেও ব্যৱস্থা কৰি দিয়া হব বুলি উল্লেখ কৰে৷ সভাৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে সোণাপুৰ চৰকাৰী বৃদ্ধাৱাসৰ চৌহদত গছপুলি ৰোপণ কৰে৷ অনুষ্ঠানত মন্ত্ৰী পীয়ুষ হাজৰীকা, বিধায়ক অতুল বৰাও উপস্থিত থাকে ৷

প্ৰেৰক ৰমেশ দাস

You might also like