নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকা-পানী গচকি গোলাঘাটৰ বংকুৱালৰ বন্যাৰ্তৰ কাষত মুখ্যমন্ত্ৰী

🎯 এন ডি আৰ এফৰ নাৱেৰে পৰিদৰ্শন কৰিলে বংকুৱাল কৃষি বান্ধৰ ছিগা অংশ

নিয়মীয়া বাৰ্তা, ২ জুলাই : ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ তীব্ৰ হেঁচাত কালি পুৱাতে ছিগা নেঘেৰিটিং-বংকুৱাল মথাউৰি পৰিদৰ্শন কৰিবলৈ কালি জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকা অহাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বংকুৱালৰ ছিগা মথাউৰি পৰিদৰ্শন আৰু বানাক্ৰান্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লʼবলৈ বংকুৱালত উপস্থিত হয়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৰতলৰ পৰা পানীত বুৰ গৈ থকা পথেৰে ৫০০ মিটাৰ খোজ কাঢ়ি বন্যাৰ্তৰ খবৰ লয়। বৰতল তিনিআলিৰ পৰা বংকুৱাল হাইস্কুললৈকে পথৰ দুই কাষে পুৱা পৰা ৰৈ থকা বানাক্ৰান্ত ৰাইজৰ মাজত সোমাই বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। বার্তালাপ কালত মামা আমাক বচাওক, আমাক ৰক্ষা কৰক, আমি পানীৰ মাজত আছো বুলি চিঞৰি উঠে বন্যাৰ্তই। ইয়াৰ পাছত বংকুৱাল ডাকঘৰৰ কাষৰ পৰা এন ডি আৰু এফৰ নাৱেৰে গৈ ছিগা মথাউৰিৰ অংশ পৰিদর্শন কৰিবলৈ যায়। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বানত বুৰ যোৱা বাসগৃহ, ভড়াল, বিধ্বস্ত পথ নিজে প্ৰত্যক্ষ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বৃহত্তৰ বংকুৱাল অঞ্চলৰ বানে সৃষ্টি কৰা বিভীষিকাময় পৰিৱেশ কাষৰ পৰা প্ৰত্যক্ষ কৰি সকলো দুশ দুৰ্দশা হৃদয়ংগম কৰিছোঁ বুলি বানাক্ৰান্ত ৰাইজৰ আগত মত প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই বানাক্ৰান্ত ৰাইজক পৰ্যাপ্ত পৰিমাণে বান সাহায্য আৰু পশুধনৰ খাদ্য যোগান ধৰিবলৈ সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিয়ে। বানত বিধ্বস্ত হোৱা বাট পথবোৰ অতি সোনকালেই মেৰামতি আৰু পুনৰ নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰিব বুলি তেওঁ ৰাইজক আশ্বাস দিয়ে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কোনো কোনো বানাক্ৰান্তক সাবটি ধৰি দুখৰ সমভাগি হয়। বানপানীৰ সময়ত বোকাখাত বিধানসভা সমষ্টিৰ বানাক্ৰান্ত বংকুৱাল অঞ্চল ভ্ৰমণ কৰা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহুৰামুখ আৰু বৰতল সংযোগী বিধ্বস্ত লোক নিৰ্মাণ বিভাগৰ পথটো স্বচক্ষে দেখা পায়। ইপিনে মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ কবলত পৰা বংকুৱালত বন্যাৰ্তই কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিবিৰ পাতি থকা বন শিবিৰটোও পৰিদর্শন কৰি পৰিস্থিতি বুজ লয়। মুখ্যমন্ত্ৰীক মথাউৰিৰ ছিগা অংশ পৰিদৰ্শনৰ সময়ত মন্ত্ৰী অতুল বৰা, সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ উপায়ুক্ত ডাঃ পি উদয়প্ৰবীণ আৰু চৰকাৰী উচ্চ পদস্থ বিষয়াসকল আছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কমাৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বান সাহায্য শিবিৰ পৰিদৰ্শন কৰি বানাক্ৰান্তৰ লগত মত বিনিময় কৰে।

প্ৰেৰক পৱন কামান

You might also like