কুকুৰমাৰাত কলহী নদীত আইটিচিৰ পকী বেৰে নিশ্চিহ্ণ কৰিব লুপ্তপ্রায় শিহুক
নিয়মীয়া বাৰ্তা ১৬ ফেব্ৰুৱাৰীঃ দক্ষিণ–পূব এছিয়াৰ ভিতৰতে অদ্বিতীয় ৰূপে চিহ্ণিত কলহী নৈৰ মাছমৰীয়া আৰু সাধাৰণ নাৱেৰে বালি উঠাই জীৱিকা নির্বাহ কৰা বালি শ্রমিকৰ পৰম বন্ধু ৰিভাৰ ডলফিনৰ (শিহু) সম্প্রতি মৃত্যুঘণ্টা বাজিছে৷ দক্ষিণ কামৰূপৰ কুকুৰমাৰাৰ কলহী নৈৰ বুকুত আই টি চি উদ্যোগৰ বৃহৎ আকাৰৰ বেৰ নির্মাণৰ লগতে একাংশ বালি ব্যৱসায়ীৰ নৈখনৰ বুকুত অবৈধভাৱে যন্ত্রচালিত মেচিন ব্যৱহাৰৰ বাবেই অপৰূপ সৌন্দর্যৰ নৈখনে মৃত্যুৰ ক্ষণ গণিছে৷
চুবুৰীয়া ৰাজ্য মেঘালয়ৰ খাচী পাহাৰৰ পৰা বৈ অহা কলহী নৈখনত এতিয়া সমূলি বন্ধ হৈ পৰিছে পানীৰ সোঁত৷ হ্রাস পাইছে পানীৰ গভীৰতা৷ পৃথিৱীৰ ভিতৰতে দুষ্প্রাপ্য শিহু, নৈখনত থকা বিভিন্ন প্রজাতিৰ প্রায় ৪২বিধ মাছ, কাছ এতিয়া ধ্বংসৰ গৰাহত৷ আনকি নৈখনক ভিত্তি কৰি পলাশবাৰী, ছয়গাঁও, বকো সমষ্টিৰ হাজাৰ হাজাৰ হেক্টৰ ভূমিত কৰা বিভিন্ন খেতি–বাতি বন্ধ হৈ পৰিল৷ উল্লেখ্য যে কুকুৰমাৰা দোমুখাৰ পৰা নগৰবেৰাৰ জলজলিলৈকে কলহী নৈখনৰ দৈর্ঘ্য ৭১.৫ কিলোমিটাৰ৷ কিন্তু নৈখনত মাত্র ৫ কিলোমিটাৰ ঠাইতহে ৰিভাৰ ডলফিনৰ জলকেলি দেখা যায়৷
ইয়াৰ ভিতৰত দোমুখা, হাঠেনীমুখ, মানুহমখা ঘাট, পাৰাপুতা, চলৰমুখ, শিলৰজাউৰী, বৰপেটীয়াৰ ঘাট, দেৱীদোৱা, নিচিন্তাৰমুখ, বলোবান্ধ, কাৱৈমাৰী, জানৰমুখ, হাউৰামুখ, পাৰঘাট আদি৷ কিন্তু ভৰ বাৰিষাৰ সময়ত খাদ্যৰ সন্ধানত শিহুৱে ইফাল–সিফাল কৰাও দেখা যায়৷ কিন্তু বাথা আৰু কলহী নৈৰ সংগমস্থলী দোমুখা হৈছে শিহুৰ আবাদী স্থল৷ য’ত নির্মাণ কৰা হৈছে আই টি চি নামৰ উদ্যোগটোৰ এখন প্রকাণ্ড বেৰ৷ সম্প্রতি এই সৰু খালসদৃশ সোঁতবিহীন ঠাইতে প্রায় ৩০টাকৈ শিহুৱে গণিছে মৃত্যুৰ ক্ষণ৷
ইফালে শিহুৰ মাছেই যিহেতু প্রধান খাদ্য, সম্প্রতি অভাৱনীয় হাৰত কমি গৈছে নৈখনৰ মাছৰ সংখ্যাও৷ আনহাতে নৈখনৰ মাছ আৰু পানী কমি যোৱাৰ মূল কাৰণ হৈছে একাংশ বালি ব্যৱসায়ীয়ে সহজলভ্য ধনৰ লালসাত যন্ত্রচালিত মেচিন ব্যৱহাৰ কৰি জধে–মধে কলহী নৈৰ পৰা বালি উঠোৱা কার্য৷ ফলত মেচিনত ব্যৱহাৰ কৰা ডিজেল, মবিল আদি পেড্র’লজাতীয় সামগ্রী পৰি নৈৰ পানী দূষিত হৈ বিভিন্ন প্রজাতিৰ মাছৰ মৃত্যু হৈছে৷ কলহী নৈৰ বুকুত আজিও কুলচী, বেচিমাৰী, কাহুৱা, ভেৰভেৰী, হাটীগড, গুমি, বিহাপাৰা, শিঙিমাৰী হাবি, চাম্পুপাৰা, দেওচৰ, নতুন দেওচৰ, ছমৰীয়া আদি অঞ্চলত মেচিন ব্যৱহাৰ কৰি নৈৰ পৰা বালি উঠোৱা কার্য অব্যাহত আছে৷ ফলত নৈখনৰ গভীৰতা বহু পৰিমাণে হ্রাস পাইছে৷
অৱশ্যে পশ্চিম কামৰূপ বন সংমণ্ডলৰ বিষয়া–কর্মচাৰীসক ডি এফ অ’ ৰঞ্জন গোস্বামীৰ নেতৃত্বত ২০১৮ বর্ষৰ এপ্রিল মাহৰ পৰা আজিলৈকে ৪১টা বালি উঠোৱা মেচিন জব্দ কৰিবলৈ সক্ষম হৈছে৷ সম্প্রতি পৃথিৱীৰ ভিতৰতে দুষ্প্রাপ্য জলচৰ প্রাণী কুকুৰমাৰাৰ কলহী নৈৰ বুকুত থকা শিহুকেইটা বচোৱাৰ স্বার্থতে আই টি চি উদ্যোগৰ বেৰ নির্মাণ আৰু নৈখনত মেচিন ব্যৱহাৰ কৰি বালি উঠোৱা কার্য বন্ধ কৰাৰ দাবীত বিভিন্ন সময়ত দল–সংগঠন আৰু স্থানীয় ৰাইজে প্রতিবাদ কৰি আহিছে৷
আনকি পৃথকে পৃথকে বহু সংগঠনে কর্তৃপক্ষৰ ওচৰত স্মাৰক–পত্রও প্রদান কৰিছে৷ কিন্তু আজিকোপতি কোনো ধৰণৰ এক বাস্তৱসন্মত ব্যৱস্থা গ্রহণ কৰা দেখা নগ’ল৷ বর্তমান অঞ্চলবাসী ৰাইজৰ প্রধান দাবী হ’ল আই টি চি উদ্যোগৰ বেৰ ভাঙি দিয়াৰ লগতে সমূলি বন্ধ কৰি দিব লাগে যন্ত্রচালিত মেচিনৰ ব্যৱহাৰ৷ কলহী নৈৰ কুলচী অংশত কিছু অংশ খান্দি কুকুৰমাৰাৰ শিহুৰ প্রজনন কেন্দ্র দোমুখালৈ পানীৰ সোঁত বোৱাই নিয়াৰ প্রয়োজন৷ নহ’লে এসপ্তাহৰ ভিতৰত শিহুৱে চিৰদিনৰ বাবে বিদায় মাগিব৷ লগতে কুকুৰমাৰা আৰু ৩ নম্বৰ আমতোলা গাঁৱৰ ২৬শ মাছমৰীয়া পৰিয়াললৈ নামি আহিব সংস্থানহীনতাৰ আন এক অধ্যায়৷