নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ভিড ভেকচিনঃ ৰাজ্যৰ প্রথম ব্যক্তি বোকাখাতৰ ডাঃ মিলন কুমাৰ লস্কৰ

নিয়মীয়া বাৰ্তা, ১৭ জানুৱাৰী: অসমৰ প্রথমজন ক’ভিড ভেকচিন লোৱা ব্যক্তি হিচাপে পৰিগণিত হ’ল বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ মিলন কুমাৰ লস্কৰ৷ ক’ভিড–১৯ৰ বিৰুদ্ধে সমগ্র বিশ্বৰ চিকিৎসক–স্বাস্থ্যক দৰেই ডাঃ লস্কৰেও অক্লান্তভাৱে যুঁজ দি নিজৰ দায়িত্ব পালন কৰিছিল৷

সাংবাদিকৰ আগত বিশিষ্ট চিকিৎসকজনে নিজৰ অনুভৱ ব্যক্ত কৰি কয়– ‘ক’ভিড–১৯ৰ ভেকচিন গ্রহণ কৰি গৌৰৱ অনুভৱ কৰিছোঁ৷ এই ভেকচিনে আমাক এই মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াত উৎসাহ আৰু সাহস যোগাব৷’ উল্লেখ্য যে বোকাখাতত আজি ক’ভিশ্বিল্ড ভেকচিনৰ প্রথম ড’জ প্রদান কৰা হয়৷ সমগ্র দেশতে  এই বৃহৎ গণ টিকাকৰণ অভিযান আৰম্ভ কৰা হয়৷ বোকাখাতত পুৱা ১০.৪৫ বজাত মহকুমাধিপতি বিপুল দাসে এই অভিযান শুভাৰম্ভ কৰে৷ ইয়াৰ পাছতে ৰাজ্যৰ প্রথমজন ব্যক্তি হিচাপে ডাঃ লস্কৰক ভেকচিন প্রদান কৰে চিকিৎসালয়খনৰ এ এন এম ৰীতা ভূঞাই৷ ডাঃ লস্কৰক স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো শুভেচ্ছা জ্ঞাপন কৰে৷ অভিযানৰ শুভাৰম্ভত উপস্থিত থাকে চিকিৎসালয়খনৰ অধীক্ষক ডাঃ অপূর্ব কুমাৰ শর্মা, মহকুমা স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকন আদি৷

স্মর্তব্য যে বোকাখাত মহকুমাৰ ৩,০৬৯জন লোক ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছিল৷ ইয়াৰ ভিতৰত ক’ভিডৰে যুদ্ধত হাৰ মানি মৃত্যুবৰণ কৰিছিল ৩০জনে৷

You might also like