বালিপৰাৰ চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস পালন
নিয়মীয়া বাৰ্তা, ৩১ জুলাই : শোণিতপুৰৰ ৰঙাপৰা, বালিপৰা অঞ্চলৰ উচ্চশিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান বালিপৰা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে মহাবিদ্যালয়খনত অনুষ্ঠিত কৰা হয়। অনুষ্ঠানত মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০ ৰঞ্জন কলিতাই আদৰণী ভাষণ আগবঢ়ায়। আদৰণী ভাষণত কলিতাই কয় যে চৰকাৰে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ গুণগত উন্নীতকৰণৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত আদৰ্শ মহাবিদ্যালয় স্থাপন কৰিছে। যোৱা বছৰ ৩১ জুলাইত বালিপৰাত কোটি টকা ব্যয়সাপেক্ষে এই মহাবিদ্যালয়খন স্থাপন কৰাৰ কথা ঘোষণা কৰি নিৰ্মাণৰ কাম কৰাত বৰ্তমান শিক্ষানুষ্ঠানখন সম্পূৰ্ণ হৈছে। বৰ্তমান সময়ত মহাবিদ্যালয়খনত কলা শাখাৰ ছয়টা বিভাগ সামৰি সৰ্বমুঠ ৩২০গৰাকী শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিছে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত (শিক্ষা বিভাগ) কবিতা কাকতি কোঁৱৰ, সমাজকৰ্মী কমিচন মিলি, বালিপৰা জিলা পৰিষদ সদস্য মৃণাল শইকীয়া, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীৰ লগতে মহাবিদ্যালয়ৰ সমূহ নৱনিযুক্ত প্ৰৱক্তা, বালিপৰা উন্নয়ন সমিতিৰ বিষয়ববীয়া, অসম সেনাৰ সংগঠক ৰাজনীশ শইকীয়া, সমন্বয় সাহিত্য গোষ্ঠী অসমৰ মুখ্য সম্পাদক তথা ৰঙাপৰা মহাবিদ্যালয়ৰ প্ৰাক্তন আলোচনী সম্পাদক প্ৰাঞ্জল প্ৰতিম বৰা, বালিপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক তৰুণ চন্দ্ৰ বৰা, বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া, ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। অনুষ্ঠানত তুলিকা খনিকৰ আৰু উপাসনা বৰাই কবিতা পাঠ কৰে।
প্ৰেৰক প্ৰাঞ্জল বৰা