নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত ফ্লায়িং স্কোৱাডৰ অভিযানত উদ্ধাৰ পৰিমাণৰ ধন

🔹 বগা ৰঙৰ ইক’ত নাগালেণ্ডৰ পৰা আনিছিল ধনখিনি

বিশেষ বাৰ্তা, ২২ মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকাৰ সময়তে মৰিয়নিত ফ্লায়িং স্কোৱাডৰ অভিযানত বৃহৎ পৰিমাণৰ ধন উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি নিশা মৰিয়নিৰ এন এছ টি তিনিআলিত ফ্লায়িং স্কোৱাডৰ দলে নাগালেণ্ডৰ পৰা মৰিয়নি অভিমুখে অহা এখন ইক’ বাহনত তালাচী চলাই নগদ ২৭ লাখ ৭৮ হাজাৰ ৩১০ টকা উদ্ধাৰ কৰে। এ এছ-০১এফ ই-২৭৭০ নম্বৰৰ বগা ৰঙৰ ইক’ বাহনখনত চালকসহ অহা তিনিজন যুৱকে টকাখিনি আনিছিল । বাহনখনত অহা যুৱককেইজন মৰিয়নিৰে বুলি জানিব পৰা গৈছে । জানিব পৰা মতে, বিস্কুটৰ পেকেটত টকাখিনি কঢ়িয়াই আনিছিল। ফ্লায়িং স্কোৱাডৰ অভিযানত উদ্ধাৰ হোৱা টকাখিনি কিহৰ বাবে আনিছিল, সেয়া জানিব পৰা হোৱা নাই যদিও এক সূত্ৰৰ মতে নাগালেণ্ডলৈ মৰিয়নিৰ পৰা বিভিন্ন সামগ্ৰী সৰবৰাহ কৰাৰ বাবদ নাগালেণ্ডৰ ব্যৱসায়ীৰ পৰা টকাখিনি আনিছিল । পূৰ্বতেও এইদৰে টকা আনে বুলিও সূত্ৰটোৱে লগতে জানিবলৈ দিছে । উদ্ধাৰ হোৱা টকাখিনি মৰিয়নিৰ একাধিক ব্যৱসায়ীৰ ধন বুলিও লগতে জানিবলৈ দিছে। অৱশ্যে প্ৰকৃত তথ্য বৰ্তমানেও জানিব পৰা হোৱা নাই । উদ্ধাৰ কৰা টকাৰ লগতে বাহনসহ যুৱককেইজনক মৰিয়নি থানালৈ অনা হয় । পিছত ৰাতিয়েই তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া, যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, দণ্ডাধীশ আদি মৰিয়নি থানাত উপস্থিত হয়হি আৰু উদ্ধাৰ কৰা টকা সন্দৰ্ভত যুৱককেইজনক সোধা-পোছা কৰে । ঘটনাটোৱে মৰিয়নিত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like