নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাৰ মদন-ৰাউতা চিকিৎসালয় আকস্মিক পৰিদৰ্শন মন্ত্ৰী ৰঞ্জিত দাসৰ

নিয়মীয়া বাৰ্তা, ২৫ জুলাইঃ বৃহত্তৰ বজালীকে ধৰি বাক্সা জিলাৰো বিভিন্ন অঞ্চলৰ জনসাধাৰণৰ চিকিৎসাৰ একমাত্ৰ স্থলী হৈছে পাঠশালাস্থিত শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়৷ পাঠশালা নগৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৱস্থিত এই চিকিৎসালয়খনলৈ প্ৰতিদিনে বজালীৰ বিভিন্ন প্ৰান্তৰ বহু ৰোগী চিকিৎসাৰ বাবে আহে যদিও ৰোগাক্ৰান্তই পৰ্যাপ্ত চিকিৎসাৰ সা-সুবিধা নোপোৱাৰ অভিযোগ প্ৰায়েই উত্থাপিত হৈ আহিছে৷ উল্লেখ্য যে পৰ্যাপ্ত চিকিৎসক- নাৰ্চৰ অভাৱৰ উপৰিও একাংশ চিকিৎসক তথা কৰ্মচাৰীৰ নিম্নমানৰ ব্যৱহাৰত জনসাধাৰণ প্ৰায়েই অতিষ্ঠ হৈ পৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ এনে এক প্ৰেক্ষাপটতে আজি চিকিৎসালয়খনত আকস্মিকভাৱে উপস্থিত হয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস৷ মন্ত্ৰীগৰাকীয়ে আজি পুৱা ৯ বজাত চিকিৎসালয়খনত উপস্থিত হৈ সমগ্ৰ কাম পৰ্যবেক্ষণ কৰে৷ বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসক লগত চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী দাসে চিকিৎসালয়খনৰ প্ৰতিটো কোঠালীলৈ গৈ পৰ্যবেক্ষণ কৰাৰ উপৰি একাংশ ৰোগীৰ সৈতেও বাৰ্তালাপ কৰে৷ প্ৰসূতি বিভাগ, শিশু বিভাগ, বহিঃবিভাগ আদিলৈ গৈ বিভাগসমূহৰ কামৰ পৰ্যবেক্ষণ কৰাৰ সময়ছোৱাত চিকিৎসালয়খনত একাংশ চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীয়ে সময়মতে উপস্থিত নোহোৱাত মন্ত্ৰী দাসে অসন্তুষ্টি প্ৰকাশ কৰাৰ লগতে পৰৱৰ্তী দিনত সময়মতে চিকিৎসালয়খনত উপস্থিত থাকিবলৈ সকলো চিকিৎসক, নাৰ্চ আৰু কৰ্মচাৰীক আহ্বান জনায়৷ পৰৱৰ্তী সময়ত যাতে এনেধৰণৰ ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে তেওঁ সকলোকে সকীয়নিও প্ৰদান কৰে৷ ইয়াৰ পাছত মন্ত্ৰীগৰাকীয়ে চিকিৎসালয়খনৰ চৌহদত নতুনকৈ নিৰ্মাণ কৰি থকা অট্টালিকালৈ গৈ সকলো কাম পৰ্যবেক্ষণ কৰে৷ তেওঁ জিলা প্ৰশাসনক এই চিকিৎসালয়খনৰ নিৰ্মাণ কাৰ্য শীঘ্ৰে সমাপন কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ পাছতে মন্ত্ৰী দাসে সংবাদ মাধ্যমৰ আগত কয় পাঠশালাস্থিত এই মহকুমা চিকিৎসালয়খন শীঘ্ৰে জিলা চিকিৎসালয়লৈ উন্নীত কৰা হ’ব৷ মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ কৰা অট্টালিকা কেইটাৰ কামৰ পৰ্যবেক্ষণ কৰি অহা ২৭ জুলাইত চিকিৎসালয়খন পৰিচালনা সমিতিৰ লগতে চিকিৎসক-নাৰ্চ-কৰ্মচাৰীৰ সতে এখন সভা অনুষ্ঠিত কৰিব বুলি উল্লেখ কৰে৷ উল্লেখ্য যে পাঠশালা মহকুমা চিকিৎসালয়খন জিলা পৰ্যায়লৈ উন্নীত হ’লে ১০০খন আসনযুক্ত হ’ব বুলি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে জানিবলৈ দিয়ে৷ মন্ত্ৰী দাসৰ লগত বজালী জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ উপৰি দণ্ডাধীশ গৌৰৱ শেখৰ দাসকে ধৰি কেবাগৰাকীও বিষয়া উপস্থিত থাকে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like