পূব আফ্রিকাৰ দেশ ৰাৱাণ্ডাৰ পৰৱর্তী উচ্চায়ুক্ত অসম সন্তান মৃদুপৱন দাস
নিয়মীয়া বাৰ্তা ডিজিটেল, ২ আগষ্টঃ পূব আফ্রিকাৰ দেশ ৰাৱাণ্ডাৰ পৰৱর্তী ভাৰতীয় উচ্চায়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে অসম সন্তান মৃদুপৱন দাসক৷ বৈদেশিক পৰিক্রমা মন্ত্রালয়ে দাসক দেশখনৰ পৰৱর্তী ভাৰতীয় উচ্চায়ুক্ত হিচাপে নিযুক্তি প্রদান কৰে৷ সম্প্রতি বৈদেশিক মন্ত্রালয়ৰ সচিব হিচাপে দাস কর্মৰত হৈ আছে৷ উল্লেখ্য যে ২০০৪ বর্ষৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া হৈছে মৃদুপৱন দাস৷ গুৱাহাটী শোধনাগাৰৰ অৱসৰপ্রাপ্ত জ্যেষ্ঠ গাণনিক বিষয়া প্রয়াত কমল দাস আৰু লাৱণ্য দাসৰ সন্তান হৈছে দাস৷ তেওঁ গুৱাহাটী পাব্লিক স্কুলৰ পৰা স্কুলীয়া শিক্ষাগ্রহণ কৰে৷ কটন কলেজৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱাৰ পাছত তেওঁ কুৰুক্ষেত্রৰ আঞ্চলিক অভিযান্ত্রিক মহাবিদ্যালয়ৰ পৰা অভিযান্ত্রিক ডিগ্রী গ্রহণ কৰে৷ ইয়াৰ পাছতে তেওঁ বৈদেশিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে৷ অসম সন্তানগৰাকীৰ এই কৃতিত্বই স্বাভাৱিকতে ৰাজ্যবাসীক উৎফুল্লিত কৰিছে৷ তেওঁৰ নেতৃত্বত ভাৰত আৰু ৰাৱাণ্ডাৰ মাজৰ সামগ্রিক সম্পর্ক অধিক শক্তিশালী হ’ব বুলি আশা কৰা হৈছে৷