নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত সুলভ মূল্যৰ চাউলৰ ক’লা বেহাঃ দৰিদ্ৰৰ বাবে আবণ্টিত চাউল খাইছে মেঘালয় বাংলাদেশৰ নাগৰিকে

বিশেষ বাৰ্তা, ১০ ছেপ্টেম্বৰঃ ৰাজ্যৰ দৰিদ্র লোকসকলৰ বাবে চৰকাৰীভাৱে যোগান ধৰা চাউলমুঠিৰ ওপৰতো চকু পৰিছে এটা অসাধু চক্রৰ৷ অধিক মুনাফা লাভৰ অংকৰে সুলভ মূল্যৰ বগা চাউলৰ ৰমৰমীয়া ক’লা ব্যৱসায় ৰাজ্যত চলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ আৰক্ষী, প্রশাসনৰ লোক আৰু প্রভাৱশালী ব্যক্তিক মেনেজ কৰি ৰাজ্যৰ দৰিদ্র জনসাধাৰণৰ বাবে চৰকাৰীভাৱে যোগান ধৰা সুলভ মূল্যৰ চাউল চুবুৰীয়া মেঘালয়ৰ লগতে বাংলাদেশলৈ চোৰাংভাৱে চালান দিয়া হৈছে৷ এক কথাত ক’বলৈ গ’লে দৰিদ্র জনসাধাৰণৰ বাবে আবণ্টিত চাউল মেঘালয়, বাংলাদেশৰ বাসিন্দাইহে খাবলৈ পাইছে৷ প্রাপ্ত তথ্য অনুসৰি বৰপেটাৰ মঞ্জুৰ আলম আৰু আব্দুল লতিফ নামৰ দুজন লোকৰ নেতৃত্বত সুলভ মূল্যৰ চাউলৰ ক’লা ব্যৱসায় চলি আহিছে৷ প্রতিদিনে ট্রাকে ট্রাকে সুলভ মূল্যৰ চাউল গোপনে মেঘালয় আৰু বাংলাদেশলৈ তেওঁলোকে চালান দি আহিছে৷ বিহাৰৰ বাসিন্দা তথা সম্প্রতি বৰপেটাৰোডত বাহৰ পাতি থকা মঞ্জুৰ আলম আৰু বৰপেটাৰ কোদাৰকুছিৰ আব্দুল লতিফে একাংশ সমবায় সমিতিৰ সৈতে মিলি সুলভ মূল্যৰ চাউলৰ ক’লা ব্যৱসায় চলাই আহিছে৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি অতি পৰিকল্পিতভাৱে একাংশ সমবায় সমিতিৰ পৰা সুলভ মূল্যৰ চাউল সংগ্রহ কৰি পুনৰ পেকেজিঙৰ জৰিয়তে অবৈধ বজাৰত বিক্রী কৰি আহিছে৷ এইক্ষেত্রত বৰপেটাৰ ৬খন সমবায়ৰ নামো সাঙোৰ খাইছে৷ জানিব পৰা মতে, বিজনী পশ্চিম সমবায়, সৰভোগ সমবায়, চেনিমাৰী সমবায়, চেঙা সমবায়, কলহভাঙা সমবায় আৰু খৈৰাবাৰী সমবায়ৰ গুদামৰ পৰা এই চোৰাং ব্যৱসায়ৰ দুই মাষ্টাৰ মাইণ্ড মঞ্জুৰ আলম আৰু আব্দুল লতিফে সুলভ মূল্যৰ চাউল বস্তাই বস্তাই সংগ্রহ কৰে৷ এই সমবায় সমিতিসমূহৰ পৰা মঞ্জুৰ আৰু আব্দুলে প্রতি ৫০ কিলোগ্রাম চাউলৰ বেগ ৬৫০ টকাৰ পৰা ৭০০ টকাত ক্রয় কৰে৷ যিহেতু সুলভ মূল্যৰ চাউলসমূহ এফ চি আইৰ ছাপ মৰা বেগত আহে, সেয়েহে পোনপটীয়াকৈ এই বেগসমূহ তেওঁলোকে ক’লা বজাৰত বিক্রী কৰিব নোৱাৰে৷ সেইবাবে সমবায় সমিতিসমূহৰ পৰা সংগ্রহ কৰা বেগসমূহ পিকআপ ভানৰ জৰিয়তে সংগ্রহ কৰি আনি কলকাছিয়াৰ ধর্মপুৰত ধনজিৎ দাস নামৰ এজন লোকৰ এটা বিশাল গুদামত জমা কৰে৷ য’ত চাউলসমূহ এফ চি আইৰ বেগৰ পৰা উলিয়াই প্লাষ্টিকৰ বগা উকা বেগত পুনৰ পেকেজিং কৰা হয়৷ ইয়াৰ পাছতে গুদামটোৰ পৰা ১২, ১৪ অথবা ১৮ চকাৰ ট্রাকেৰে বৰপেটাৰ পৰা গুৱাহাটী হৈ কৰিমগঞ্জ সীমান্তৰে বাংলাদেশলৈ চালান দিয়ে৷ তদুপৰি আন এক বৃহৎ পৰিমাণৰ সুলভ মূল্যৰ চাউলৰ পুনৰ পেকেজিং কৰা বেগ মেঘালয়ৰ তেৰমাইল, চৈধ্যমাইল অঞ্চললৈ চালান দিয়া হয়৷ য’ত কিছুসংখ্যক অনা–খাচী ব্যৱসায়ীয়ে এই চাউল ক্রয় কৰি গুদামত সঞ্চয় কৰি ৰাখে৷ সমবায় সমিতিসমূহৰ পৰা ৬৫০ অথবা ৭০০ টকাকৈ ক্রয় কৰা চাউলৰ বেগসমূহ মেঘালয় অথবা বাংলাদেশত মঞ্জুৰ আৰু আব্দুলে দুগুণ দামত বিক্রী কৰে বুলিও জানিব পৰা গৈছে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি প্রতিবেগ চাউল মেঘালয় অথবা বাংলাদেশত ১,১৫০ টকাৰ পৰা ১,২০০ টকা দামত বিক্রী কৰে৷ আনহাতে, প্রতিদিনে এখন ১২ চকাৰ ট্রাকত প্রায় ৫০০ বস্তা, ১৪ চকাৰ ট্রাকত প্রায় ৬০০ বস্তা আৰু ১৮ চকাৰ ট্রাকত প্রায় ৭০০ বস্তা চাউল মেঘালয় আৰু বাংলাদেশলৈ তেওঁলোকে চালান দি আহিছে৷ অর্থাৎ প্রতিখন ট্রাকত ৭–৮ লাখ টকা পর্যন্ত মূল্যৰ চাউল অবৈধভাৱে বজাৰত দুই ক’লা ব্যৱসায়ীয়ে বিক্রী কৰি আহিছে৷ এনেদৰে প্রতিদিনে ৭–১০খন ট্রাকেৰে মঞ্জুৰ আৰু আব্দুলে মেঘালয় আৰু বাংলাদেশলৈ চোৰাং চাউল সৰবৰাহ কৰি আহিছে৷ অর্থাৎ এদিনতে দুই চোৰাং ব্যৱসায়ীয়ে প্রায় ৮০ লাখৰ পৰা ১ কোটি টকাৰ চাউল সৰবৰাহ কৰে৷ এই হিচাপত প্রতিমাহে সুলভ মূল্যৰ প্রায় ৩০ কোটি টকাৰ চাউল দুই ব্যৱসায়ীয়ে অবৈধভাৱে সৰবৰাহ কৰি আহিছে৷ এনেদৰে চোৰাং চাউলৰ ব্যৱসায়ৰ বাবে ৰাজকোষৰ বৃহৎ পৰিমাণৰ ৰাজহ লোকচানেই নহয়, প্রকৃত হিতাধিকাৰীও প্রাপ্যৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে৷ জানিব পৰা মতে, জালুকবাৰীৰ একাংশ আৰক্ষীক মেনেজ কৰি এই চক্রটোৱে চোৰাং চাউল মেঘালয় তথা বাংলাদেশলৈ সৰবৰাহ কৰি আহিছে৷ আনহাতে বিভিন্ন সময়ত সুলভ মূল্যৰ চাউলৰ চোৰাং বেহাৰ সৈতে জড়িত চক্রটোৱে ফোনৰ জৰিয়তে তেওঁলোক কেইবাগৰাকীও মন্ত্রী আৰু দিছপুৰৰ শীর্ষ বিষয়াৰ ঘনিষ্ঠ বুলি ভয়–ভাবুকি প্রদান কৰাৰ তথ্যও পোৱা গৈছে৷ স্বাভাৱিকতে ইয়াৰ লগে লগে প্রশ্ণ উত্থাপন হৈছে যে দৰিদ্র জনসাধাৰণে দুবেলা দুসাঁজ গ্রহণ কৰাৰ ক্ষেত্রত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয়, তাৰ বাবে ৰাজকোষৰ কোটি কোটি টকা যোগান ধৰা সুলভ মূল্যৰ চাউলৰ চোৰাং ব্যৱসায় কিদৰে সম্ভৱ হৈছে? কাক মেনেজ কৰি আব্দুল আৰু মঞ্জুৰৰ দৰে লোকে ৰমৰমীয়া চাউলৰ ক’লা ব্যৱসায়ৰ জৰিয়তে কোটি কোটি টকা অর্জন কৰিবলৈ সক্ষম হৈছে, সেয়াও চিন্তনীয় বিষয়৷ অভিযোগ মতে এই দুই চোৰাং ব্যৱসায়ী আৰু আন কেইবাটাও চোৰাং ব্যৱসায়ৰ সৈতে জড়িত৷ উল্লেখ্য যে সময়ে সময়ে এনেদৰে চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰাৰ সময়ত সুলভ মূল্যৰ চাউল জব্দও কৰা হৈছে৷ দুদিন পূর্বে গুৱাহাটীত প্রায় ৪৮০ বেগ চাউল জব্দ কৰা হৈছিল৷ তৎসত্ত্বেও সুলভ মূল্যৰ চাউলৰ ক’লা ব্যৱসায় ৰাজ্যত বন্ধ হোৱা নাই৷

You might also like