নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ সাহিত্য সভাৰ পাঠশালা অধিৱেশন

নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ জানুৱাৰীঃ অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্রুৱাৰীলৈ পাঠশালাত অসম সাহিত্য সভাৰ অধিৱেশন আৰম্ভ হ’ব৷ অসম সাহিত্য সভাৰ অধিৱেশনত প্রতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলৰ বাবে চৰকাৰে সেই দিনকেইটা বিশেষ নৈমিত্তিক ছুটী ঘোষণা কৰিছে৷ সাধাৰণ প্রশাসন বিভাগে এক জাননীযোগে এই কথা প্রকাশ কৰিছে৷ সাহিত্য সভাৰ অধিৱেশনত প্রতিনিধিত্ব কৰিবলগীয়া ৰাজ্য চৰকাৰৰ কর্মচাৰীসকলে সেই বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব৷ অৱশ্যে ৰাজ্যিক কর্মচাৰীৰ যিসকল সাহিত্য সভাৰ প্রতিনিধি স্থানীয় নিকায়ৰ নির্বাচনী কামৰ লগতে চৰকাৰৰ ধ্বজাবাহী আঁচনি ৰূপায়ণৰ কামৰ সৈতে জড়িত হৈ আছে, তেওঁলোকে সংশ্লিষ্ট কর্তৃপক্ষৰ পৰা অনুমতিসাপেক্ষেহে সেই বিশেষ নৈমিত্তিক ছুটী লাভ কৰিব বুলিও চৰকাৰী জাননীখনত স্পষ্ট কৰি দিয়া হৈছে৷

You might also like