নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

থিয়েটাৰ ভাগ্যদেৱীৰ নাট্যাৰম্ভ : হেমন্ত দত্তক শৰৎ মজুমদাৰ সোঁৱৰণী বঁটা প্ৰদান

নিয়মীয়া বাৰ্তা, ৩০ আগষ্ট : আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল থিয়েটাৰ ভাগ্যদেৱীৰ ৫৬সংখ্যক শুভ নাট্যাৰম্ভ যোৱানিশা মৰোৱাৰ শংকৰদেৱ জন্মোৎসৱ ক্ষেত্ৰত অনুষ্ঠিত হয়। শুভ উদ্বোধনী অনুষ্ঠান উপলক্ষে সুবোধ মজুমদাৰৰ মুখ্য প্ৰযোজনাত আৰু ৰূপেন লহকৰৰ প্ৰযোজনাত এইবেলি নাট্যদলটোৰ তৰফৰ পৰা শৰৎ মজুমদাৰ সোঁৱৰণী বঁটা প্ৰদান কৰা হয় বিশিষ্ট নাট্যকাৰ, পৰিচালক, গীতিকাৰ তথা সুৰকাৰ হেমন্ত দত্তক। এই বৰ্ষৰ শুভ নাট্যাৰম্ভ অনুষ্ঠান মুকলি কৰে  ডাঃ আলোখ্য বৰুৱাই। ভাষণপ্ৰসংগত তেওঁ কয়  ইতিহাসে আমাৰ জীৱনত বহু শিক্ষাই দিয়ে। নাটকৰ প্ৰতিটো চৰিত্ৰই আমাক একো একোটা জ্ঞানৰ সমল যোগায় । যুগে যুগে মহাভাৰতত বৰ্ণিত কুৰুক্ষেত্ৰৰ যুদ্ধই আমাৰ সমাজৰ বাবে বাৰ্তা বহন কৰাৰ দৰে নাটকৰ কাহিনীৰ দ্বাৰা  আমাৰ জ্ঞানৰ পৰিসীমা বৃদ্ধি কৰে। নাট্যদলটোৰ সম্পাদক হিৰকজ্যোতি  কলিতাৰ সহযোগত  সাংস্কৃতিক কৰ্মী গিৰীন্দ্ৰ দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানৰ আৰম্ভনিতে শৰৎ মজুমদাৰৰ প্ৰতিচ্ছবিৰ সন্মূখত বন্তি প্ৰজ্বলন কৰে সুবোধ মজুমদাৰ আৰু বিৰাজ মজুমদাৰে। মঞ্চৰ বন্তি প্ৰজ্বলন কৰে ডাঃ নিবাৰণ শৰ্মাই। নাট্যদলটোৱে বছৰি প্ৰদান কৰি অহা শৰৎ মজুমদাৰ সোঁৱৰণী বঁটা এই বৰ্ষৰ বাবে নিৰ্বাচিত কৰা হয় বিশিষ্ট নাট্যকাৰ, পৰিচালক তথা চিত্ৰনাট্যকাৰ হেমন্ত দত্তক। বঁটাত চেলেং চাদৰ, জাপি, শৰাই, মানপত্ৰ আৰু নগদ ধন প্ৰদান কৰি তেওঁক সম্বৰ্ধনা জনায়। বঁটা গ্ৰহণ কৰি দত্তই মনৰ অনুভৱ ব্যক্ত কৰে। উদ্বোধনী অনুষ্ঠানত প্ৰবীণ ক’লা নিৰ্দেশক প্ৰমোদ কাকতি, নাট্যকাৰ নৱৰত্ন পাটোৱাৰী, সমৰেন্দ্ৰ বৰ্মন,  নাটপৰিচালক কুলেন্দ্ৰ ৰায়চৌধুৰী, মুকুট বৈশ্য, অৱসৰী শিক্ষক তিলক বৈশ্য, শিক্ষক কিংকৰ মহন্ত, সমাজসেৱী  বিনোদ বৰুৱা আদি উপস্থিত থাকে। নাট্যদলটোৱে উদ্বোধনী নাট হিচাপে মঞ্চস্থ কৰে সমৰেন্দ্ৰ বৰ্মনৰ ‘ৰাজৰাণী’ নাটখন। নাট্যদলটোৰ এইবৰ্ষৰ আনদুখন নাট নৱৰত্ন পাটোৱাৰীৰ ‘মায়াবিনী ৰাতিৰ জোনাক’ আৰু ৰাজদ্বীপৰ ‘বিদ্ৰোহীৰ প্ৰেমপ্ৰত্ৰ’ ।
প্ৰেৰক আব্দুল কাদেৰ আহমেদ
You might also like