নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথত পৰিত্যক্ত ৰূপ বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচনৰ

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ : চৰকাৰী ধন অপচয়ৰ ক্ষেত্ৰত এইবাৰ অভিলেখ গঢ়িছে অসম ৰাজ্যিক পৰিবহণ নিগমে। একাংশ অদূৰদৰ্শী বিষয়াৰ বাবেই সম্প্রতি বগাহাতীত পৰিণত হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়টো বৈদ্যুতিক যান-বাহন চার্জিং ষ্টেচন। অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা  ১ কোটি ৭৮ লাখ টকা ব্যয়  সাপেক্ষে বিশ্বনাথত স্থাপিত  এই বাছ চাৰ্জিং ষ্টেচন কিম্বা দুয়োখন বাছ এতিয়া  অচল হৈ পৰি ৰৈছে।উল্লেখ্য যে যোৱা  ২০২১ চনৰ ২৫ জানুৱাৰীত বিশ্বনাথত উত্তৰ পূৱ ভাৰতৰ দ্বিতীয়টো বৈদ্যুতিক বাছ চাৰ্জিং ষ্টেচন স্থাপন কৰা হৈছিল। সাংসদ পল্লৱ লোচন দাসে উদ্বোধন কৰিছিল এই ষ্টেচনটো। অসম ৰাজ্যিক পৰিবহণ নিগমৰ দ্বাৰা পৰিচালিত অসম ৰাজ্যিক পৰিবহন  নিগমৰ চাৰ্জিং ষ্টেচনটো এতিয়া পৰিত্যক্ত।তদুপৰি ১ কোটি ৫০ কোটি টকাৰ অধিক ধন ব্যয়েৰে ক্ৰয় কৰা দুখনকৈ বৈদ্যুতিক বাছ অঞ্চলটোত যাত্ৰীৰ যাতায়াতৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।বিদ্যুৎ বিল পৰিশোধ কৰিব পৰালৈকে এসময়ত বিশ্বনাথৰ ৰাজপথত  চলি থকা বাছ দুখন চাৰ্জিঙৰ অভাৱত ফুলদানিত পৰিণত হৈছে। বিশ্বনাথৰ ফলফলিৰ  বৈদ্যুতিক যান-বাহন চার্জিং ষ্টেচনটোৰ পৰা  বাছ দুখন বৰ্তমান চলাচলৰ বাবে উপযোগী নহয় বুলি অভিযোগ উঠিছে।এক কথাত বর্তমান বাছ দুখন অচল। আপডালহীন অৱস্থাত থকা বাছ দুখন চার্জ কৰিবলৈ অক্ষম অসম ৰাজ্যিক পৰিবহণ নিগম। ১২০ কিঃমিটাৰ দূৰত্ব অতিক্ৰম কৰিব পৰা প্ৰদূষণমুক্ত বাছ দুখনৰ ক্ষেত্ৰত অসম ৰাজ্যিক পৰিবহণ বিভাগে ‘হাতী ক্ৰয় কৰি শিকলি’ৰ ব্যৱস্থা কৰাত ব্যৰ্থ হোৱাৰ দৰে হৈছে। কীট-পতংগৰ আশ্ৰয় থলী হৈছে এই চাৰ্জিং ষ্টেচন । ইয়াত পৰি ৰৈছে চাৰ্জ দিয়া দুটাকৈ ইউনিট। ঘাঁহ বনৰে পৰিপূৰ্ণ হৈ পৰিছে চৌহদ। এই ক্ষেত্ৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিশ্বনাথৰ বিভিন্ন দল সংগঠনে এই চাৰ্জিং ষ্টেচনটো আৰু বাছ দুখন শীঘ্ৰে কাৰ্যক্ষম নকৰিলে  ৰাইজৰ সহযোগত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like