নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনলৈ বেলট বাকচ লৈ যাত্ৰা পুলিং প্ৰিজাইডিং বিষয়াৰ

তিতাবৰৰ দহটা সমষ্টিৰ ২৬ জন প্ৰাৰ্থীৰ ভাগ্য বন্ধী হব বেলট বাকচত কাইলৈ

নিয়মীয়া বাৰ্তা    ১৯ জানুৱাৰীঃ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ কালি বিয়লি অন্ত পৰাৰ পাছত আজি পুৱাৰ পৰা ব্যস্ত হৈ পৰে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়।তিতাবৰ তিনি আলিৰ মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ক নিৰ্বাচনী অস্থায়ী কাৰ্যালয় ৰূপে লোৱাত বিদ্যালয়খনৰ চৌহদত আজি পুৱাতে তিতাবৰ নিৰ্বাচনী বিষয়াৰ অস্থায়ী কাৰ্য্যালয়ৰ ১২ টা কাউণ্টাৰত পুলিং প্ৰিজাইডিং বিষয়া সকল উপস্থিত হৈ বেলট বাকচ লবৰ বাবে শাৰী পাতিব ধৰে।তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই নিয়োগ কৰা পুলিং প্ৰিজাইডিং বিষয়া সকলে হাতে হাতে বেলট বাকচ লৈ নিজ নিজ পুলিং ষ্টেচন সমূহলৈ যাত্ৰা কৰে।

উল্লেখ্য যে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ২২ টা সমষ্টিৰ ভিতৰত তিতাবৰত আছে দহটা সমষ্টি।ইয়াৰ ভিতৰত নগবাট, মাধপুৰ, বৰহোলা, ফুলবাৰী,দিহিঙীয়া, চামগুৰি, তিতাবৰ, বৰুৱাজান, জালুকনিবাৰী, আৰু তামূলবাৰী সমষ্টি।এই দহটা সমষ্টিত মুঠ ভোটাৰ আছে ৪৭,৯৫৭ জন।ইয়াৰে পুৰুষ ভোটাৰ হল ২৪,০৬৭ জন আৰু মহিলা ভোটাৰ হল ২৩,৮৯০ গৰাকী। মুঠ পুলিং ষ্টেচন হল ৬৬ টা। এই ৬৬ টা পুলিং ষ্টেচনত কাইলৈ ভাগ্য নিৰ্ণয় হব ২৬ জন প্ৰাৰ্থীৰ ভাগ্য।পৰিষদ খনৰ তিতাবৰৰ দহটা সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থীত্ব দিছে।বিজেপি অগপ মিত্ৰজোঁটৰ হৈ বিজেপি দলে ৭ টা সমষ্টিত আৰু অগপ দলে ৩ টা সমষ্টিত প্ৰাৰ্থীত্ব দিছে। চিপিআই দলে ২ টা সমষ্টিত প্ৰাৰ্থীত্ব দিয়াৰ লগতে নিৰ্দলীয় প্ৰাৰ্থীত্ব ৰূপে ৪ জনে প্ৰাৰ্থীত্ব আগবঢ়াইছে।কাইলৈ পুৱাৰ পৰা হব ভোট গ্ৰহণৰ কাম।ইতিমধ্যে তিতাবৰ জিলা নিৰ্বাচনী বিষয়াই শান্তিপূৰ্ণ ভোট গ্ৰহণৰ কাৰণে ব্যাপক প্ৰস্তুতি চলাইছে।

You might also like