ঘৰত পুৰুষ নথকাৰ সুযোগত বৃহৎ টকা লৈ ৰোগীক আৰোগ্য বিধান ভণ্ড বাবাৰ
সাপেখাতীত ভণ্ড বাবাক ৰাইজে চমজালে আৰক্ষীক।
নিয়মীয়া বাৰ্তা, ২৭ আগষ্ট : চৰাইদেউৰ সাপেখাতী থানাৰ অন্তৰ্গত বিভিন্ন গাঁৱৰ সহজ সৰল জনসাধাৰণক বিভিন্ন ৰোগৰ বিধান দিয়াৰ অজুহাত বিভিন্ন লোকৰ পৰা নানা প্ৰলোভনে বৃহৎ টকা হৰলুকি কৰি অহা লখিমপুৰ জিলা বুলি চিনাকি দিয়া মিণ্টু দত্তই। দীৰ্ঘদিন ধৰি নানান ৰোগৰ প্ৰাদুৰ্ভাৱ ভুগি থকাত ৰোগীক আৰোগ্য তথা নিৰ্মূল হব বুলি ভুক্তভোগী পৰিয়ালৰ পৰা টকা পইছা লৈ গৈছিল দত্তই বুলি চিনাকি দিয়া ভণ্ড বাবাই। পুনৰ আজি বাৰেগাঁৱৰ সুৰেন শইকীয়াৰ ঘৰত কোনো নথকা সুযোগ গ্ৰহণ কৰি পত্নী ঘনদা শইকীয়াৰ পৰা দুহেজাৰ টকা লৈ যোৱাত পুত্ৰ প্ৰণয়দীপ শইকীয়াৰ সন্দেহ ওপজে। প্ৰণয়দীপে লগা লগ বাৰেগাঁও গাওঁৰক্ষী বাহিনীক খবৰ দিয়ে। ইতিমধ্যে গাঁওৰক্ষী বাহিনীয়ে ভণ্ড বাবাক ভোগবাৰীৰ পৰা ধৰি সাপেখাতী থানাত খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সোধ-পোছ অব্যাহত ৰখাৰ লগতে অধিক সোধ-পোছৰ বাবে থানালৈ যায়। এটি বিশেষ সূত্ৰৰ মতে লখিমপুৰ আই থানৰ মিণ্টু দত্ত বুলি চিনাকি দিয়া ভণ্ড বাবাৰ ঘৰ আমগুৰিত বুলি জানিব পৰা গৈছে। এই ব্যক্তিগৰাকীয়ে সাপেখাতী অঞ্চলত কাপোৰৰ ব্যৱসায় কৰি অহাৰ লগতে আমগুৰিৰ মুছলমান ধৰ্মাৱলম্বী লোক বুলি একাংশ জানিবলৈ দিয়ে। আৰক্ষীৰ তদন্তৰ অন্ততহে প্ৰকৃত পৰিচয় আৰু তথ্য উদ্ঘাটন হব।
প্ৰেৰক ৰাজীৱ কলিতা