নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খাল-ডোঙৰ পানীৰে তৃষ্ণা নিবাৰণ ডোঙাৰগাঁও-শান্তিপুৰবাসীৰ

🔹 ভাৰত-ভূটান সীমান্তত খোৱাপানীৰ সমস্যা

নিয়মীয়া বাৰ্তা,  ২৬ ফেব্ৰুৱাৰী : নৈৰ পানী খাই জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে নৱগঠিত তামুলপুৰ জিলাবাসীয়ে। বিটিআৰপ্ৰধান প্ৰমোদ বড়োৰ গৃহ সমষ্টি তামুলপুৰ জিলাৰ ২নং ডোঙাৰগাঁৱত নদী বা ডোঙৰ পানীয়ে শেষ ভৰসা গাঁওবাসীৰ। বাঙালীপাৰাৰ সমীপৱৰ্তী এই গাঁৱৰ ৰাইজে খোৱাপানীৰ বাবে আজিও হাহাকাৰ কৰিব থাকিবলগীয়া হৈছে। বিশেষকৈ ২নং ডোঙাৰগাঁৱৰ শান্তিপুৰত আজিলৈ হৈ নুঠিল জলজীৱন আঁচনিৰ কাম। ইয়াৰ ফলত বৰনদীৰ পৰা বোৱাই অনা ডোঙৰ পানীয়ে খাই শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে চলিব লাগে। এই পানী সেৱন কৰাৰ ফলত প্ৰায়ে ৰোগত আক্ৰান্ত হয় শিশুৰ পৰা বৃদ্ধলৈকে সকলো। তথাপি যেন কৰিবলগীয়া আন একোৱেই নাই গাঁওবাসীৰ। চৰকাৰে কোটি কোটি টকা ব্যয় কৰি জলজীৱন আঁচনিৰ জৰিয়তে ৰাইজক বিশুদ্ধ খোৱাপানী যোগান ধৰিব বিচাৰিছে যদিও সেয়া সফল হোৱা নাই। ইপিনে, বৰ্তমান দেখাত পৰিষ্কাৰ পানী ডোঙেৰ আহে যদিও বাৰিষা ঘোলা আৰু ক’লা পানী বৈ আহে এই ডোঙেৰ। সেই পানী খায়েই জীৱন নিৰ্বাহ কৰে এই অঞ্চলৰ ৰাইজে। তামুলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জলেন দৈমাৰীৰ লগতে বিটিআৰৰ নাগ্ৰীজুলি সমষ্টিৰ এমচিএলএ ধৰ্মনাৰায়ণ দাসক এই অঞ্চলৰ খোৱাপানীৰ সমস্যা দূৰ কৰিবলৈ কাতৰ আহ্বান জনাইছে ৰাইজে।

প্ৰেৰক পৱন নাথ

You might also like