নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহালয়া উপলক্ষে ধুবুৰীৰ নেতাই ধুবুনী পাৰঘাটত পাৰভঙা উছাহ

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ আজি মহালয়া। দূৰ্গতনাশিনী দেৱী দুৰ্গাৰ মৰ্ত্যলৈ যাত্ৰা কৰাৰ আজিৰ এই বিশেষ দিনটোত দেৱীক আদৰিবলৈ আজি ঢল পুৱাৰে পৰা ধুবুৰীত  সৃষ্টি হয় এক উখল মাখল পৰিৱেশ। দীৰ্ঘ বহু বছৰৰ পৰা চলি অহা পৰম্পৰা অক্ষুণ্ণ ৰাখি আজি পুৱা ধুবুৰীৰ ঐতিহ্যমণ্ডিত টাউন ক্লাৱৰ উদ্যোগত আয়োজিত হয় মহালয়া উপলক্ষে এক বিশেষ শোভাযাত্ৰা।  ক্লাবটোৰ সদস্য সকলে অংশ লোৱা সেই বৰ্ণাঢ্য শোভাযাত্ৰাত এখন সুসজ্জিত ট্ৰাকৰ ওপৰত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা চণ্ডীপাঠৰ সুৰে ধুবুৰী চহৰৰৰ ৰাজপথ ৰজনজনাই তুলে। আনহাতে, অইন অইন বছৰৰ দৰে আজি পুৱা ধুবুৰী কালীবাৰী প্ৰাংগনত মহালয়া উপলক্ষে আয়োজিত হয় আন এক বিশেষ সাংস্কৃতিক কাৰ্যসূচী। ইয়াৰোপৰি, বিভিন্ন প্ৰতিষ্ঠানৰ উপৰিও চহৰখনৰ পালপাৰাত আজি মহালয়া উপলক্ষে স্থানীয় নাট্যগোষ্ঠী ‘সবুজেৰ আসৰ”ৰ এক বিশেষ পথনাটিকাই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় বহুতোৰে। পূৰ্বৰ দৰেই আজি ঢলপুৱাৰে পৰা চহৰখনৰ বৰলুইতৰ ঐতিহ্যমণ্ডিত নেতাই ধুবুনী পাৰ ঘাটত দেখা যায় দেবীপক্ষক আদৰিবলৈ অহা অগণন ৰাইজৰ পাৰ ভঙা উছাহ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like