নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্বহীদী দিৱস : নগৰ সংকীৰ্তন কাৰ্যসূচীৰে উখল-মাখল ধুবুৰী

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ যোৱাকালিৰ পৰা ধুবুৰীৰ ঐতিহ্যমণ্ডিত গুৰু টেগ বাহাদুৰ সাহিবজী গুৰুদ্বাৰাত আৰম্ভ তিনিদিনীয়া  শ্বহীদী দিৱসৰ  আজিৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মূল আকৰ্ষণ আছিল নগৰ সংকীৰ্তন। আজি দুপৰীয়া গুৰুদ্বাৰাৰ পৰা আৰম্ভ হোৱা সেই নগৰ সংকীৰ্তনত অসম আৰু উত্তৰ পূৰ্বাঞ্চলকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ধুবুৰীত শ্বহীদী দিৱসৰ কাৰ্যসূচীত অংশ লবলৈ আহি উপস্থিত হোৱা কেইবা হাজাৰ শিখ ধৰ্মাৱলম্বী লোকে ভাগ লয়। সম্পূৰ্ণ ধৰ্মীয় পৰম্পৰাৰে এখন পুষ্প–সজ্জিত বাহনেৰে  শিখসকলৰ পৱিত্ৰ ধৰ্মগ্ৰন্থ গ্ৰন্থ চাহিব লৈ ওলোৱা সেই বৰ্ণাঢ্য শোভাযাত্ৰাটোৱে ধুবুৰী চহৰৰ বিভিন্ন ৰাজপথ গুৰুবাণীৰে মুখৰিত কৰি তুলে। উল্লেখ্য যে, কাইলৈ অন্ত পৰিবলগীয়া শ্বহীদী দিৱসৰ এই কাৰ্যসূচী এইবাৰ ৩৪৯ বছৰত ভৰি দিলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like