সোণাৰিৰ টাউকাক চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
বিশেষ বাৰ্তা, ২১ আগষ্ট : সোণাৰি নগৰৰ সমীপবৰ্তী তথা নামতোলা থানাৰ অন্তৰ্গত টাউকাক চাহ বাগিচাৰ এগৰাকী সহঃ পৰিচালকে মহিলা শ্রমিকক অশালীন ব্যৱহাৰ কৰাৰ লগতে শ্রমিকসকলক বাগিচাত কাম কৰি থকাৰ সময়ত বিভিন্ন প্ৰকাৰে নিৰ্যাতন চলোৱাৰ অভিযোগত কালি বাগিচাখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। শ্ৰমিকসকলে বাগিচাৰ কাম-কাজ বন্ধ কৰি পুৰণি টাউকাক ডিভিজনৰ কাৰ্যালয় চৌহদ শতাধিক শ্রমিকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। কামলৈ যোৱা কিছু পলম হ’লেই মহিলা শ্রমিকক অশালীন মন্তব্য কৰাৰ লগতে পাত কমকৈ তুলিলে কাম বন্ধ কৰি দিয়াৰ হুমুকি দিয়ে। সহঃ পৰিচালক গৰাকীক দেখিলে বাইচাইকেলৰ পৰা নানামিলে শ্ৰমিকৰ ওপৰত শাস্তি দিয়া আদিৰে শ্ৰমিকসকলক হাৰাশাস্তি কৰি একপ্ৰকাৰে পৰিচালকগৰাকীয়ে শ্ৰমিকৰ ওপৰত হিটলাৰী শাসন চলোৱাৰ অভিযোগ কৰিছে শ্ৰমিকসকলে। পৰিচালকগৰাকীৰ ওপৰত বাগিচা কর্তৃপক্ষই শীঘ্ৰে ব্যৱস্থা গ্রহণ নকৰিলে বাগিচাখনৰ শ্ৰমিকৰ প্রতিবাদ অব্যাহত থাকিব বুলি সকীয়াই দিছে বাগিচাখনৰ কৰ্মৰত শ্ৰমিকসকলে।
প্ৰেৰক দীপাংকৰ পাল